এন.আৰ.চি ১০০ শতাংশ পুনৰীক্ষণৰ দাবীত পুণৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এ পি ডব্লিউ

0 1,317

অসমীয়া জাতিৰ ৰক্ষাকৱচ স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ প্ৰায় আঢ়ৈ বছৰ পাছতো অমীমাংসিত ভাৱে পৰি ৰোৱা এন আৰ চিৰ সুফল আজিও অসমীয়া জাতিয়ে নাপালে। প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিয়াগোম কেলেংকাৰী আৰু খামখেয়ালীৰ ফলত এন আৰ চিৰ পৰা পাবলগীয়া ফল আৰু বিদেশীমুক্ত এখন ৰাজ্যৰ সপোনৰ পৰা আজিও অসমীয়া জাতি বঞ্চিত হৈ ৰ’ব লগা হোৱা বুলি পুণৰ সৰব হৈ পৰি আসাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউ-য়ে। আনকি ৰাজকোষৰ পৰা কোটি কোটি ধন লুণ্ঠন কৰি প্ৰাক্তন সমন্বয় প্ৰতীক হাজেলাই এশ এবুৰি ত্ৰুটিৰে প্ৰকাশ কৰা এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পুণৰ ১০০ শতাংশ পুণৰীক্ষণৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰে এ পি ডব্লিউ নামৰ সংগঠনটোৱে । বুধবাৰে এই কথা ঘোষণা কৰি এ পি ডব্লিউৰ  সভাপতি আভিজিত শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে পুণৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, এন আৰ চি প্ৰকাশৰ নামত সমগ্ৰ প্ৰক্ৰিয়াটোত প্রায় তিনিশ পচপন্ন কৌটি টকাৰ বিত্তীয় অনিয়মৰ তথ্য মহাগাণনিকৰ প্ৰতিবেদনত স্পষ্টভাবে উল্লেখ কৰা হৈছে। এন আৰ চিত সংঘটিত হোৱা বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে একমাত্র এপিডব্লিউয়ে বিগত তিনিবছৰ ধৰি মাত মাতি আহিছো। কিন্তু পৰিতাপৰ কথা এয়ে যে অসম আৰক্ষীৰ বিভিন্ন দুর্নীতি নিবাৰক শাখা সমূহত বিগত তিনিবছৰত বিভিন্ন ধৰণৰ গোচৰ তথ্য পাঠি সহ ৰুজু কৰাৰ পাছতো আজিলৈ কোনো এটা গোচৰতেই প্রতীক হাজেলাৰ দুৰ্নীতিৰ সঠিক তদন্ত কৰা নহ’ল। এন আৰ চিৰ লগত অকল বিত্তীয় খেলিমেলিয়েই নহয় উন্নীতকৰণত ব্যৱহৃত ছফটৱেৰ নামতো বিভিন্ন খেলিমেলি কৰা হৈছিল। এই সম্পৰ্কত তদন্তৰ বাবে চি. আই ডিত আমি গোচৰ ৰুজু কৰো যদিও চি আই ডি-য়ে উক্ত গোচৰৰ তদন্ত কৰাৰ সলনি গোচৰটো মহানগৰীৰ পল্টনবজাৰ থানালৈ হস্তান্তৰ কৰে। এতিয়া কথাটো হ’ল চি আই ডিৰ উচ্চ মানৰ চাইবাৰ বিশেষজ্ঞ থকাৰ পাচতো পল্টনবজাৰ থানাৰ সাধাৰণ এচ আই এজনক উক্ত গোচৰৰ তদন্ত কৰিব দিয়াটোৱে অসম আৰক্ষীৰ সদিচ্ছাৰ ওপৰত প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও এন আৰ চিত সংঘটিত বিভিন্ন বিত্তীয় অনিয়মৰ ওপৰত তথ্য সমৃদ্ধ এজাহাৰ আমাৰ ফালৰ পৰা দুর্নীতি নিবাৰক শাখাত আজিৰ পৰা দুবছৰ আগতেই দাখিল কৰা হৈছিল। উক্ত গোচৰত প্ৰাৰম্ভিক তদন্তত যথেষ্ট সাক্ষ্য প্রমাণ পোৱাৰ পিছতো এক নির্দিষ্ট সীমাৰ পৰা অসম আৰক্ষীয়ে উক্ত গোচৰ আগবঢ়ালে। আনকি উক্ত গোচৰৰ সম্পূর্ণ তদন্তৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ অনুমতি বিচাৰি প্ৰদান কৰা পত্ৰ বিগত ন মাহে গৃহ বিভাগৰ টেবুলত পৰি থকা বুলি আমি জানিবলৈ পাইছোঁ। আমি এতিয়াও অসম চৰকাৰক অনুৰোধ জনাও প্রতীক হাজেলাৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে এক পুংখানুপুংখ তদন্তৰ ব্যৱস্থা কৰা হওক। এপিডব্লিউৰ সভাপতি আভিজিত শৰ্মাই এই বিষয়ত বিতং তথ্য সদৰি কৰি কয় যে, এন আৰ চিৰ পৰা নাম বাদ পৰি ৰোৱা তথা খচৰা এন আৰ চিৰ পৰা নাম বাদ পৰি যোৱা ৪০ লাখ মানুহৰ প্ৰায় ২৭ লাখ মানুহেই পৰবৰ্তী পৰ্য্যায়ত এন আৰ চিত নাম অর্ন্তভূক্তিৰ বাবে আবেদন জনোৱাৰ লগতে এন আৰ চি কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ বায়’মেট্রিক তথ্য সংগ্ৰহ কৰা হৈছিল। এই কথা সত্য যে প্রতীক হাজেলাই বিভিন্ন কাৰচাজি- অনিয়মৰ মাজেৰে যিখন এন আৰ চিৰ খচৰা প্রকাশ কৰি থৈ গ’ল সেই এন আৰ চি আমি মানি লোৱা নাই। আনহে নালাগে খোদ অসম চৰকাৰেও উক্ত এন আৰ চিক মান্যতা প্রদান কৰা নাই। এপিডব্লিউৰ সভাপতি আভিজিত শৰ্মাই লগতে অভিযোগ কৰি কয় যে, যোৱা ২৪ মাৰ্চত অসম চৰকাৰৰ উদ্যোগত খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুস্থিত হোৱা এখন সভাত এন আৰ চি আৰু আধাৰকাৰ্ড সম্পৰ্কত এক বৈঠকত অংশ লৈ আমি আমাৰ ফালৰ পৰা এটা কথা উল্লেখ কৰিছিলো যে যিহেতু আধাৰ কাৰ্ড নাগৰিকত্বৰ পৰিচায়ক নথি নহয়, গতিকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ ৰোৱা ২৭ লাখ মানুহক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সমগ্ৰ দেশৰ নিয়ম মতে ৫ বছৰৰ তলৰ হ’লে ‘বাল আধাৰ’, ৫ বছৰৰ ওপৰত হ’লে ‘আধাৰ কাৰ্ড’ দিয়াৰ ব্যৱস্থা আছে। ইয়াৰ বাবে ভাৰতীয় নাগৰিকত্বতকৈ ভাৰতবৰ্ষত বসবাস কৰা শব্দটোত অধিক প্রাধান্য দিয়া হৈছে। আনকি বিদেশী ব্যক্তি এজনেও যদি বৈধভাবে ভাৰতত ১২ মাহ বসবাস কৰে তেন্তে তেওঁকো আবেদন মর্মে আধাৰ কার্ড প্রদানৰ ব্যৱস্থা আছে। এনে এক প্রেক্ষাপটত অসমৰ এই ২৭ লাখ আধাৰ কার্ড নোহোৱা মানুহৰ ভিতৰত বহু খিলঞ্জীয়া মানুহেও আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকাৰ বাবে তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে। এককথাত কবলৈ গ’লে তেওঁলোক পণবন্দী হৈ থকাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে। খিলঞ্জীয়া মানুহৰ এই দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তথা এন আৰ চিত নাম নোহোৱাৰ বাবেই আধাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ বিভিন্ন চৰকাৰী আঁচনিৰ সুফলৰ পৰা বঞ্চিত হৈ ৰোৱা খিলঞ্জীয়া মানুহৰ বেদনাৰ মৰ্ম উপলব্ধি কৰি তথা অসমত বাস কৰি হাতে হাতে ভোটাৰ কাৰ্ড লৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা লাখ লাখ অবৈধ বাংলাদেশীয়ে ভোগ কৰি থকা সা-সুবিধাৰ কথা মনত ৰাখি আমি উচ্চতম নায়ালয়ত অসমৰ এই ২৭ লাখ মানুহক আধাৰ প্ৰদান কৰিবলৈ শপতনামা দাখিল কৰিছো। আমি  ন্যায়ালয়ত প্রার্থনা জনাইছে, যাতে বায়মেট্রিক তথ্য ব্লক কৰি ৰখা ২৭ লাখ মানুহৰ সেই তথ্য খুলি আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰে।

এপিডব্লিউয়ে লগতে কয় যে, এন আৰ চিৰ মূল আবেদনকাৰী হিচাপে এই শপতনামা দাখিল কৰি আশা প্রকাশ কৰিছো যে ৰাজ্য চৰকাৰেও একেই শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল কৰিব। ইফালে এন আৰ চিৰ পুণৰীক্ষণ সন্দৰ্ভত এপিডব্লিউয়ে কয় যে,  পৰবৰ্তী পৰ্য্যায়ত আমি এন আৰ চিৰ পুনৰীক্ষণৰ প্ৰাৰ্থনাৰে আন এখন শপতনামা আকৌ এবাৰ দাখিল কৰাৰ বাবে যোজা চলাইছো। আমি  কৈছো যে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, শোণিতপুৰ, লক্ষিমপুৰ, ধেমাজি, মৰিগাওঁ, নগাও, হোজাই, গোলাঘাট, কাচাৰ কৰিমগঞ্জ, হাইলাকান্দি জিলাত ১০০% পুনৰীক্ষণৰ বাবে আমি লৈ অহা স্থিতি একেই আছে আৰু তাৰ বাবে আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত আমি আবেদন জনাবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছো, অচিৰেই আবেদন দাখিল কৰা হ’ব৷

Leave A Reply

Your email address will not be published.