অসম চৰকাৰ-ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদৰ মাজতবুজাবুজিৰ চুক্তি স্বাক্ষৰিত
বিশেষ প্ৰতিবেদন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ দ্বাৰা পূৱ অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ইষ্ট আসাম মিল্ক প্রডিউচার্চ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড)ৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ দায়িত্ব উক্ত পৰিষদক প্ৰদান কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্রদান কৰি আশা ব্যক্ত কৰে যে এই চুক্তিৰ দ্বাৰা পুৱ অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে আর্থিক স্বচ্ছলতা অর্জন কৰিবলৈ সক্ষম হ’ব। তেওঁ লগতে কয় যে ২০০৮ চনত পুৰব্বী ডেইৰীৰ সঞ্চালনাৰ দায়িত্ব ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদৰ হাতত অৰ্পণ কৰাৰ পিছত পুৰব্বী ডেইৰীয়ে যি সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছিল তেনেদৰে পূৱ অসম দুগ্ধ উৎপাদক সমাবায় সংঘ লিমিটেডেও সফলতা আহৰণ কৰিবলৈ সক্ষম হ’ব ।গুজৰাট আৰু কৰ্ণাটকৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে যিদৰে পূৱ ভাৰত আৰু দক্ষিণ ভাৰতৰ এই দুখন ৰাজাই ক্ৰমে দৈনিক ২ কোটি লিটাৰ আৰু ৮০ লাখ লিটাৰকৈ দুগ্ধ উৎপাদন কৰে তাৰ তুলনাত অসমৰ দুগ্ধ উৎপাদন তেনেই নগণ্য। তেওঁ কয় যে অসমে দৈনিক কেৱল মাত্র ১ লাখ লিটাৰ দুগ্ধ উৎপাদনহে কৰিব পাৰে। অসমত দৈনিক ৪২ লাখ লিটাৰ দুগ্ধৰ প্রয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চাহিদা পূৰণ কৰিবলৈ ৰাজ্যখনে বহিঃৰাজ্যৰ পৰা দুগ্ধ আমদানি কৰিবলগীয়া হয়। ইয়াৰ ফলত আমাৰ ৰাজ্যই এক বৃহপৰিমাণৰ ধন ৰাখি বহিঃৰাজ্যলৈ ওলাই যায় বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বজাৰখনতে যাতে প্রয়োজনীয় দুগ্ধ উৎপাদন কৰিব পৰা যায় তাৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচী হাতত ল’ব লাগিব যাতে এক শ্বেত বিপ্লৱ গঢ়ি তোলাতো সম্ভৱ হৈ উঠে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম চৰকাৰে শ্বেত বিপ্লৱক বাস্তবায়িত কৰিব পৰাকৈ গুজৰাটৰ পৰা ইতিমধ্যে বহু সংখ্যক গীৰ প্ৰজাতিৰ গাই ক্ৰয় কৰি ৰাজ্যখনলৈ আনিছে আৰু এই সংখ্যা অনাগত দিনত ১৫ হাজাৰলৈ লৈ যোৱাৰ পৰিকল্পনা হাতত লোৱা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে আধুনিক বিজ্ঞান প্রযুক্তিৰ ব্যৱহাৰ কৰি কৃত্রিম প্রজননৰ দ্বাৰা অসমতে উন্নত প্রজাতিৰ গৰুৰ পোৱালি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দুগ্ধ উৎপাদন সমাবায় সমিতি সমূহকো বিশেষ প্রশিক্ষণ দি বজাৰ দখল কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে পশু চিকিৎসাৰ ক্ষেত্ৰখনতো বিশেষ অগ্রাধিকৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পশুপালক সকলে তেওঁলোকৰ পশুধন সমূহক উন্নত মানদণ্ডৰ চিকিৎসা প্রদান কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ জৰিয়তে যদিহে এতিয়াৰ তুলনাত ১০ লাখ লিটাৰ দৈনিক দুগ্ধ উৎপাদন কৰিব পাৰে তেতিয়া হ’লে এই অভিযানত কিছু দুৰ সফলতা আহৰণ কৰিব পৰা যাব। উল্লেখযোগ্য যে মুখ্যমন্ত্রীয়ে উক্ত অনুষ্ঠানতে চাংসাৰিত নিৰ্মাণ হৈ উঠা পুৰবী কেটেল ফিড প্লান্টৰ শুভাৰম্ভণি কৰে। বুধবাৰৰ অনুষ্ঠানত উপস্থিত থকা অসমৰ কৃষি আৰু পশু পালন মন্ত্রী অতুল বৰাই মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপ সমূহৰ ভূয়সী প্রশংসা কৰি কয় যে তেওঁৰ নেতৃত্বত অনাগত দিনত অসমে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অগ্রণী স্থান পাবলৈ সক্ষম হ’ব। তেওঁ লগতে অসমৰ দুগ্ধ পালকসকলক ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বুধবাৰৰ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদ তথা অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ॥