শ্ৰী লংকাৰ ৰাজনৈতিক অস্থিৰতা :  ভাৰতে এতিয়া কৰিব কি ?

0 6,315

বিশেষ প্ৰতিবেদন

প্ৰৱল গণ বিক্ষোভ আৰু ব্যাপক হিংসাৰ মাজতে মে’ মাহৰ প্ৰথম ভাগতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপক্ষই পদত্যাগ কৰিব লগীয়া হোৱা ঘটনাই যোৱা ডেৰ দশক জুৰি দেশখনত চলি থকা এটা পৰিয়ালৰ শাসনকালৰ অপ্ৰত্যাশিত , আকস্মিক পতন সূচায় ৷

মহিন্দ্ৰা আছিল এনে এজন নেতা যি দুর্দ্ধর্ষ  উগ্ৰপন্থী দল লিবাৰেচন টাইগার্চ অব তামিল ঈলামৰ দমন ঘটাই শ্ৰীলংকাৰ সংখ্যাগুৰু সিংহলী সম্প্ৰদায়ৰ বাবে হৈ পৰিছিল এজন সন্মানীয় জাতীয় নেতা ৷ এনে এজন নেতা দেশবাসীৰ এনে প্ৰবল অসন্তু্‌ষ্টিৰ বলি হ’ব লাগিব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল ৷ কিন্তু দেখা গ’ল যে মহিন্দ্ৰৰ বিৰোধীসকলে তেওঁৰে সমর্থকসকলৰ মাজত অনায়াসে এনে এক খহনীয়াৰ সৃষ্টি কৰিলে যে প্ৰধানমন্ত্ৰীজনে নিৰাপত্তাৰ খাটিৰত ৰাজধানী কলম্বোৰ চৰকাৰী বাসভৱনকে ত্যাগ কৰিব লগীয়া হ’ল ৷

শ্ৰীলংকাৰ অর্থনৈতিক পৰিস্থিতি হৈ পৰিছে শোচনীয় ৷ ৰাজাপক্ষ পৰিয়ালৰ লোকে দখল কৰি আছিল দেশখনৰ ৰা্ষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি ‌কেউটা মূল পদবী ৷ ইপিনে দেশখনত অসহনীয় অর্থনৈতিক দুৰৱস্থা, খাদ্য সামগ্ৰী আৰু ইন্ধনৰ যোগান স্তব্ধ, দেশৰ নাগৰিকে খোৱা বস্তু. পেট্ৰল-ডিজেল-কেৰাচিন একোকে কিনিব নোৱাৰা অৱস্থা ৷ দেশৰ শাসনযন্ত্ৰ চলাই থকা ৰাজাপক্ষ পৰিয়ালে নিৰুপায় হৈ  আন্ত:ৰাষ্ট্ৰীয় সাহার্য্যৰ বাবে আন আন দেশৰ শৰণাপন্ন  হ’ল যদিও বিক্ষোভ –প্ৰতিবাদ শাম নাকাটিলে আৰু এদিন দেখা গ’ল যে দেশখনৰ ৰাষ্ট্ৰপতিয়ে বিচাৰে যে তেওঁৰ প্ৰধানমন্ত্ৰী ককায়েকে পদত্যাগ কৰক ৷

তেতিয়াই প্ৰধানমন্ত্ৰীৰ সমর্থকে সূচনা কৰিলে ব্যাপক হিংসাত্মক ঘটনাৰ ৷ ৰজাপক্ষ পৰিয়ালৰ পুৰণি বাসভৱন জ্বলাই দিয়া হ’ল , ৰাজনৈতিক নেতাৰ কেইবটাও ঘৰ ভষ্মীভূত হ’ল. ভালেমান লোক আহত আৰু নিহত হ’ল ৷

 প্ৰধানমন্ত্ৰী মহিন্দ্ৰাই পদত্যাগ কৰিলে যদিও বিক্ষোভকাৰীক শান্ত কৰিবলৈ এই পদত্যাগ যথেষ্ট নহয় ৷ মহিন্দ্ৰ অপসাৰিত হোৱাৰ পিচতো দেশখনৰ ৰাজনৈতিক অস্থিৰতাৰ অৱসান ঘটিব বুলি আশা কৰা নাযায় ৷ শ্ৰীলংকাক ইয়াৰ বাবে প্ৰয়োজন হব জনসাধাৰণৰ আস্থা অর্জন কৰিব পৰা এজন  নতুন প্ৰধানমন্ত্ৰীৰ ৷ লগতে সেইজন প্ৰধানমন্ত্ৰীৰ থাকিব লাগিব দেশখনৰ অর্থনৈতিক পুনৰুত্থান সম্ভৱপৰ কৰিব তুলিব পৰাৰ সামর্থ্য আৰু দক্ষতা ৷

দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়াই যদিও প্ৰথমে সংসদত সংখ্যাগৰিষ্টতা থকা এজন নেতাকে পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে নির্বাচন কৰিব লাগিব, সেইজন প্ৰধানমন্ত্ৰী যদি ৰাজাপক্ষ পৰিয়ালৰ সৈতে জড়িত লোক হয়, তেন্তে গণৰোষ পুনৰ  উথলি  উঠাৰ হোৱাৰ সম্ভাৱনা প্ৰচুৰ ৷ বিৰোধী নেতা সজিত প্ৰেমাদাসাই ইতিমধ্যে ঘোষণা কৰিছে যে গোটাবায়া ৰা্ষ্টৰ্পতি হৈ  থকালৈকে তেওঁ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি নাহে ৷

আমাৰ দেশ ভাৰতৰ বাবেও শ্ৰীলংকাৰ এই পৰিস্থিতিত কি কৰা উচিত বা অনুচিত, সেয়া অনিশ্চিত বা দোদুল্যমান  হৈ ৰৈছে ৷  মে’ মাহৰ মাজ ভাগলৈকে ভাৰতে শ্ৰীলংকাৰ প্ৰতি চাৰে তিনি মার্কিন ডলাৰৰ আর্থিক আৰু সা-সামগ্ৰীৰ সাহার্য্য আগবঢ়ায় ৷ কিন্তু শ্ৰীলংকাৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰা এখন চৰকাৰক ক্ষমতাত ৰাখিবলৈকে ভাৰতে এই সাহার্য্য প্ৰদান কৰিছে বুলি  প্ৰতীয়মান হলে সি হৈ পৰিব এক অশুভ, ক্ষতিকাৰক দৃষ্টান্ত ৷ সেইবুলি ভাৰতে শ্ৰীলংকাৰ সর্বসাধাৰণৰ দুখ দুর্দশাৰ প্ৰতিও নির্বিকাৰ হৈ থাকিব নোৱাৰে, তেওঁলোকৰ প্ৰয়োজন পূৰণার্থে যথাসম্ভৱ পদক্ষেপ লব লাগিব ৷  

সেয়ে ভাৰতবর্ষৰ তৰফৰ পৰা কোৱা হৈছে যে শ্ৰীলংকাৰ গণতন্ত্ৰ, স্থিৰতা আৰু অর্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ভাৰত আগ্ৰহী আৰু দায়বদ্ধ, সেয়ে শ্ৰীলংকাৰ জনসাধাৰণে গণতান্ত্ৰিক পদ্ধতিৰে যি মনোভাৱ ব্যক্ত কৰে তাৰ আধাৰতহে ভাৰতৰ সঁহাৰি নির্দ্ধাৰিত হব ৷

শ্ৰীলংকাৰ বাবে ৰাজপক্ষৰ শাসনকাল আছিল সংখ্যাগৰিষ্ট সম্প্ৰদায়ৰ আধিপত্যৰ সময়, পেশীবহূল জাতিয়তাবাদৰ জয়জয়কাৰ ৷ কিন্তু এতিয়া ৰাজপক্ষ বংশৰ পতনে সূচাইছে যে অর্থনৈতিক বিপর্য্যয়ৰ সময়ত দেশৰ সংখ্যাগৰিষ্ঠৰ সমর্থন বা আনুগত্যও নিশকতীয়া হৈ পৰিব পাৰে ৷

Leave A Reply

Your email address will not be published.