আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আলোচনা নিবিচাৰে : সংবাদ মেলত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা
অসমৰ সু-সন্তান তথা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাই সোমবাৰে গুৱাহাটী নাৰেংগীস্থিত ভাৰতীয়া সেনাৰ ছাউনীত সংবাদ মেল সম্বোধন কৰি আলফা স্বাধীনত শেহতীয়া নতুন প্ৰজন্মৰ যোগদানৰ পৰা আৰম্ভ কৰি আন্ত:ৰাষ্ট্ৰীয় সীমা সমস্যা, আগ্ৰাসন, চীনৰ আধিপত্য, ড্ৰাগছৰ বেহা আদি ভালেমান বিষয়ত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । সংবাদ মেলত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰথমে আন্ত:ৰাষ্ট্ৰীয় সীমা সমস্যা সন্দৰ্ভত মন্তব্য কৰি কয় যে, সীমা সমস্যাৰ ক্ষেত্ৰত আমি কিছু কাম আগবঢ়াই আহিছো । আশা কৰিছোঁ সোনকালে সমাধান হব । সীমান্তত বহুতো সমস্যা আছে। বিশেষ কৈ ভৌগোলিক সমস্যা। যাৰ বাবে সময় মতে উন্নয়নৰ কাম সমূহ কৰিব পৰা হোৱা নাই। সীমান্তৰ ৰাইজৰ বেছিভাগ সমস্যাই উন্নয়নৰ লগত জড়িত বুলি সদৰি কৰি ৰাণা প্ৰতাপ কলিতাই চৰকাৰৰ সহযোগত আমি আন্ত:গাঁথনিগত উন্নয়নৰ কাম কৰি গৈছো ।তিব্বতৰ জিনজিয়ান অঞ্চলত বহুতো উন্নয়ন হৈছে । চীনৰ সীমান্তলৈকে ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাই পথ, বিমানবন্দৰ আদি নিৰ্মাণ কৰা হৈছে । ৫-জি মোবাইল সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে । চীনে সীমান্তত যিদৰে উন্নয়নমূলক কাম কৰিছে তেনেদৰে ভাৰত চৰকাৰেও পদক্ষেপ লোৱা বুলি উল্লেখ কৰি কলিতাই কয় যে, আমিও চীন পৰা অহা সেই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি আগুৱাই গৈ আজি বহু সফল হৈছো । Himalayan terrain আৰু snowee issue ৰ বাবে আমি infrastracture development ভবা মতে হোৱা নাই যদিও আমি চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ সদৰি কৰে । ভাৰতীয় সেনাৰ কেইবাটাও গোটে সীমান্তৰ উন্নয়নৰ কামত জড়িত হৈ আছে বুলি উল্লেখ কৰি ৰাণাপ্ৰতাপ কলিতাই কয় যে, বিগত ১০ বছৰত বহু উন্নয়ন হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, পাছিঘাট, জিৰ’ মেছুকা সকলোতে flight connectivity হৈছে । সীমান্তত চাৰি হাজাৰ কিলোমিটাৰ পথ আন এটা গোটৰ দ্বাৰা শেহতীয়া কেইবছৰমানত নিৰ্মাণ কৰা, বহু দলং নিৰ্মাণ হৈছে বুলি উল্লেখ কৰি সেনা মুৰব্বী গৰাকীয়ে সংবাদ মেলত কয় যে, সীমান্তৰে অনুপ্ৰবেশৰ সমস্যা এটা আছে । কিন্তু সীমান্তৰ লোক সকলৰ বাবে সীমান্ত অঞ্চল পৰ্যটনৰ স্থলী হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে প্ৰধান মন্ত্ৰীয়ে। তেনে কৰিলে জীৱন জীৱিকাৰ বাবে তেওঁলোক হাবিলৈ যাব নালাগে। অসম অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰাৰ পৰিস্থিতি এতিয়া আগত কৈ বহু ভাল। মণিপুৰত অলপ উগ্ৰপন্থীৰ সমস্যা আছে। যাৰ বাবে যথেষ্ট পৰিমাণে আচ্ছাম ৰাইফলছ নিয়োগ কৰা আছে। অনুপ্ৰবেশ একমাত্ৰ জীৱন জীৱিকাৰ বাবে হয় বুলি উল্লেখ কৰি কলিতাই কয় যে, বহুতে বনাঞ্চলত জীবিকাৰ বাবে প্ৰবেশ কৰে । সেয়ে সীমান্তত সকলো নিৰ্মাণ কাৰ্যত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । ইফালে জেহাদী প্ৰসংগত ৰাণা প্ৰতাপ কলিতাই কয় যে, আৰক্ষী আৰু সেনা বাহিনীয়ে ইয়াৰ বিৰুদ্ধে অতি পৰিকল্পিত ভাৱে কাম কৰি আছে। আমাৰ যেতিয়া সহায় বিচাৰিছে আমি কৰি আছো। ড্ৰাগছৰ ক্ষেত্ৰটো যথেষ্ট কম কৰি থকা হৈছে। আমাৰ যেতিয়াই সহায় বিচাৰিছে স্থানীয় আৰক্ষীয়ে আমি সহায় কৰি আছো। আনহাতে আলফা স্বাধীনৰ প্ৰসংগত কয় যে, অসমৰ মাত্ৰ দুখন জিলাত আলফা স্বাধীনৰ অলপ প্ৰভাৱ আছে। আলফাৰ হৈ পৰেশ বৰুৱাই এনেকৈ সংবাদমাধ্যমত সাক্ষাতকাৰ দি আছে মই দেখিছোঁ। কিন্তু তেওঁ যিবোৰ কৈ আছে সেয়া আমি লক্ষ্য কৰিছোঁ। অসমীয়া সমাজে চিন্তা কৰিব তেওঁলোকৰ সন্তানে কি কৰা উচিত। অকল অসমতেই নহয়, অসমৰ উপৰিও জম্মু কাশ্মীৰৰ বহু মিডিয়াটো এনেকুৱা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে । মণিপুৰ প্ৰসংগত কয় যে , মণিপুৰত কিয় ইটোৰ পিছত সিটো উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছে ধৰিব পৰা নাই যদিও সেইয়া সহজধন বা ক্ষমতাৰ হব পাৰে। জনতাই আজি কালি আগৰ দৰে সহায় নকৰে তেওঁলোকক। আমাৰ বিষয়া সকলে সকলো পৰ্যায়ৰ মানুহৰ লগত কথা পাতিছে । কোনেও অশান্তি নিবিচাৰে। সেই বাবেই তেওঁলোকক সহায় নকৰে হৈছে । শেহতীয়াকৈ সকলোৱে দেখিছে এনে উগ্ৰবাদৰ সমস্যা নোহোৱা বাবে অসম বহু আগবাঢ়ি গৈছে। ৰাইজে সহযোগ নকৰাত এই উগ্ৰপন্থী সংগঠনবোৰে আজিকালি অস্ত্ৰ আৰু ড্ৰাগছৰ সৰবৰাহৰ কাম কৰে । ইফালে অতি সম্প্ৰতি অসমত নতুন প্ৰজন্মৰ লোকে আলফা স্বাধীনত যোগদান কৰা সন্দৰ্ভত কলিতাই মন্তব্য কৰি কয় যে, আমি স্বীকাৰ কৰোঁ যে আলফাই যথেষ্ট নিযুক্তি দিছে। সেইয়া মাথো সামাজিক মাধ্যমৰ জৰিয়তে কৰিছে। বিভিন্ন অপৰাধৰ লগত জড়িত ল’ৰাই আলফাত যোগদান কৰিছে। এইক্ষেত্ৰত তেওঁ সকলো নতুন প্ৰজন্মক আহ্বান জনাই কয় যে, সকলো ল’ৰা ছোৱালীয়ে দেশৰ উন্নয়ন বাবে সাংবিধানিক বা গণতান্ত্ৰিক দিশেৰেখাম কৰিব লাগে । সকলোৱে মা দেউতাই কি বিচাৰে সেইয়া চিন্তা কৰা উচিত। অসম আৰু অৰুণাচলত ধনদাবী আৰু অপহৰণ কৰি থকা এন এছ চি এনৰ গ্ৰুপতো ম্যানমাৰত বাহৰ পাতি সন্ত্ৰাস চলাই আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । এই ক্ষেত্ৰত অসমীয়া যুৱকে নিজে এনে পৰিস্থিতিৰ পৰা বাহিৰত ওলাই আহিব লাগিব । অলপ কষ্ট কৰিবলৈ শিকিব লাগিব বুলিও ৰাণা প্ৰতাপ কলিতাই আহ্বান জনায় ॥