অসম চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আজিৰে পৰা বন্যৰ্তক উদ্ধাৰৰ বাবে শিলচৰ-গুৱাহাটীৰ মাজত চলিব বিশেষ বিমান সেৱা ,আধাৰ কাৰ্ড অবিহনেও নিবনুৱাই পাব নিয়োগ পঞ্জীয়ন কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰ ৷ ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে ডিমা হাচাও আৰু বৰাক উপত্যকাত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱা আৰম্ভ, ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত ন পদক্ষেপ, খাদ্য সুৰক্ষা, দুগ্ধ খণ্ডৰ উন্নয়ন, জৈৱ-প্ৰযুক্তি নীতিৰ সম্প্ৰসাৰণ, বিদ্যুতৰ চাহিদা পূৰণ, নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কার্ডবিহীন অনলাইন পঞ্জীয়নৰ অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণেৰে বুধবাৰে নিশা দিছপুৰৰ জনতা ভৱনত অনুস্থিত হৈ যায় ৰাজ্য চৰকাৰৰ এক জৰুৰী কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্বত অনুস্থিত এই কেবিনেট বৈঠকৰ পিছত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কেবিনেট বৈঠকৰ সিদ্ধান্তসমুহ সদৰি কৰে । মন্ত্ৰী পীযুষ হাজৰিকাক লগত লৈ সম্বোধন কৰা সংবাদ মেলত সদৰি কৰা সিদ্ধান্ত অনুসৰি, বুধবাৰে দিশপুৰৰ জনতা ভৱনত অনুস্থিত ৰাজ্যিক কেবিনেট বৈঠকে ৰাজ্যৰ ভয়াবহ পৰিস্থিতি বৰাক উপত্যকা বা ডিমা হাচাও জিলাত আবদ্ধ হৈ থকা লোকসকলল উদ্ধাৰৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি, বৃহস্পতিবাৰৰ পৰা ডিমা হাছাও আৰু বৰাক উপত্যকাত বান আৰু ভূমিস্খলনৰ ফলত হোৱা যাতায়াত সংকট হ্ৰাস কৰিবলৈ শিলচৰ আৰু গুৱাহাটীৰ মাজত ৩০০০ টকা ৰাজসাহায্যযুক্ত হাৰত জৰুৰীকালীন বিমান সেৱা আৰম্ভ কৰা হ’ব । এই সন্দৰ্ভত অসম পর্যটন উন্নয়ন নিগমে ফ্লাই বিগ এয়াৰলাইনছৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ কেবিনেট বৈঠকে অনুমোদন দিয়ে । এই বিশেষ বিমান সেৱাৰ বাবে কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পর্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত বিশেষ কাউণ্টাৰত টিকট উপলব্ধ হ’ব । টিকট বুকিঙৰ বাবে ৮১৩৫৯-০২৯৭৩ আৰু ৮৬৩৮০-২৩৯২১ নম্বৰত যোগাযোগ কৰিব পাৰিব । এই টিকটৰ মূল্য ইউ পি আই এপৰ জৰিয়তে অনলাইন পৰিশোধ কৰিব পাৰিব । বুধবাৰে অনুস্থিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ৰাজ্য চৰকাৰৰ চাকৰিত পদোন্নতি নিশ্চিতকৰণৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, অসম সচিবালয়ৰ দ্বিতীয় আৰু প্ৰথম শ্ৰেণীৰ ষ্টেন’গ্ৰাফাৰ পদলৈ উন্নীতকৰণৰ বাবে তৃতীয় আৰু দ্বিতীয় শ্রেণীৰ ষ্টেন’গ্ৰাফাৰৰ শৈক্ষিক অৰ্হতাৰ এককালীন শিথিলতা অনা হৈছে । এতিয়া যোগ্য ষ্টেন’গ্ৰাফাৰসকলৰ পদোন্নতিৰ সুবিধা নিশ্চিত কৰা হ’ব । বিশেষকৈ ১৪গৰাকী ষ্টেন’গ্ৰাফাৰ— যিসকলে ইতিমধ্যে ২৫ বছৰতকৈ অধিক সময় নিৰন্তৰভাৱে এইক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে আৰু এই সময়ছোৱাত কোনো ধৰণৰ পদোন্নতি নোহোৱাকৈ অহা ১-৩ বছৰত অৱসৰ গ্ৰহণ কৰিব তেওঁলোক ইয়াৰ পৰা উপকৃত হ’ব । ইফালে আধাৰ কাৰ্ড নথকা বাবে নিয়োগ পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন কৰিব নোৱাৰা সকলৰ সুবিধাৰ বাবে কেবিনেট বৈঠকে আধাৰ কাৰ্ডবিহীন অনলাইন পঞ্জীয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, আধাৰ কাৰ্ডবিহীন ব্যক্তিসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ লক্ষ্যৰে নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ডবিহীন অনলাইন পঞ্জীয়নৰ অনুমোদন জনায় । এই পদক্ষেপে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কীয় সমস্যাৰ বাবে আধাৰ কাৰ্ড উপলব্ধ নোহোৱাসকলক নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰাত সকাহ প্রদান কৰিব । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্বত অনুস্থিত বুধবাৰৰ ৰাজ্যিক কেবিনেট বৈঠকে ৰাজ্যখনক দুগ্ধ খণ্ডৰ উন্নয়নেৰে স্বাবলম্বী কৰিবলৈ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড(এন ডি ডি বি)ৰ মাজত এক যৌথ কোম্পানী গঠনত অনুমোদন জনোৱা হয় । এই যৌথ কোম্পানী ৭ জানুৱাৰী, ২০২২ত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সৈতে সংগতি ৰাখি আৰু অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ মাজত ৫০:৫০ অংশীদাৰিত্ব তথা ৫ কোটিৰ প্ৰাৰম্ভিক শ্বেয়াৰ মূলধনৰ সৈতে গঠন কৰা হ’ব । এই কোম্পানীৰ মূল উদ্দেশ্যসমূহ হৈছে- ক্লাষ্টাৰ ইউনিয়নৰ জৰিয়তে ৭ বছৰৰ ভিতৰত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য প্রাপ্ত কৰাৰ বাবে এক বিস্তৃত অসম দুগ্ধ উন্নয়ন আঁচনি ৰূপায়ণ কৰা, ক্লাষ্টাৰ সমবায় ইউনিয়নৰ জৰিয়তে অসম দুগ্ধ উন্নয়ন আঁচনি কার্যকৰীকৰণ আৰু এক উমৈহতীয়া ব্ৰেণ্ড শিৰোনামৰ অধীনত গাখীৰ আৰু দুগ্ধজাত সামগ্রী বিক্ৰী কৰা হ’ব । ৰাজ্যৰ ৬টা স্থানত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদন ক্ষমতাসম্পন্ন আধুনিক দুগ্ধ প্রকল্প স্থাপন কৰা আৰু দুগ্ধ উৎপাদক সমবায় (ক্লাষ্টাৰ ইউনিয়ন)ৰ জৰিয়তে সংগঠিত দুগ্ধ খণ্ড শক্তিশালী কৰা আৰু কৃষকৰ উপার্জন দুগুণে বৃদ্ধি নিশ্চিত কৰা । ৰাজ্যিক কেবিনেট বৈঠকে ফনেছিক বিজ্ঞানৰ ক্ষেত্ৰত ন পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এন এফ এছ ইউ)ৰ অসম চৌহদ স্থাপনত নীতিগত অনুমোদন জনায় । স্থায়ী এন এফ এছ ইউ অসম চৌহদ নির্মাণ হোৱালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সাময়িক চৌহদ স্থাপন কৰা হ’ব ।
ইয়াৰ ফলত লাভালাভ হিচাপে ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰৰ দক্ষতা নিৰ্মাণত অৰিহণা যোগোৱাৰ লগতে দক্ষ ফৰেনছিক বিশেষজ্ঞৰ এটি গোট সৃষ্টি হ’ব । ইফালে ৰাজ্যিক কৰ্মচাৰীসকলৰ অনলাইন চিকিৎসাজনিত ব্যয়ৰ ক্ষেত্ৰত আন এক সহজ নীতি গ্ৰহণ কৰা হয় । সেই অনুসৰি চৰকাৰী কৰ্মচাৰী তথা তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তি, চৰকাৰী পেঞ্চনাৰ তথা তেওঁলোকৰ জীৱনসংগীৰ বাবে অনলাইন চিকিৎসা ব্যয় পৰিশোধ মডুলত অনুমোদন জনোৱা হয় । ইয়াৰ ফলত অটল অমৃত অভিযান ছ’চাইটীৰ দ্বাৰা পৰিচালিত হ’ব লগা পৰিশোধৰ আবেদন সমর্পিত আই টি প’ৰ্টেলৰ জৰিয়তে সম্পন্ন হ’ব । ইয়াৰ লাভালাভ হিচাপে ৰাজ্য চৰকাৰৰ প্রায় ৩০ লাখ ৰাজ্যিক কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তি লাভান্বিত হ’ব আৰু চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াৰ ত্বান্বিতকৰণ হৈ পৰিব । সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ৰাজ্যত ক’ভিড পৰিস্থিতিৰ পিছত ক্ৰমান্বয়ে বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে । বিদ্যুতৰ এই বৰ্ধিত চাহিদা পূৰণৰ বাবে বুধবাৰৰ ৰাজ্যিক কেবিনেট বৈঠকে “নেইভেলি উত্তৰ প্ৰদেশ পাৱাৰ লিমিটেড”ৰ উত্তৰ প্ৰদেশৰ ঘটমপুৰস্থিত ৩ × ৬৬০ মেগাৱাট কয়লা আধাৰিত বিদ্যুৎ প্রকল্পৰ পৰা প্ৰতি ইউনিটত ৪.৫২ টকা হাৰত ২০২৩ চনৰ মাৰ্চৰ পৰা ৪৯৫ মেগাৱাট ক্ৰয়ৰ অনুমোদন জনায় । এই বিদ্যুত ক্ৰয়ৰ ফলত আগন্তুক বৰ্ষসমূহত শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লগতে শক্তিৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব । লগতে ২৪ X ৭ বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশত ই এক ডাঙৰ পদক্ষেপ হ’ব । জৈৱ-প্ৰযুক্তি নীতিৰ সম্প্ৰসাৰণৰ বাবেও আন এক সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি, জৈৱ-প্ৰযুক্তি খণ্ডত সম্ভাৱনা বৃদ্ধিৰ বাবে ১ জানুৱাৰী ২০২৩ৰ পৰা ৩১ ডিচেম্বৰ ২০২৭লৈ পাঁচ বছৰৰ বাবে জৈৱ-প্ৰযুক্তি নীতিৰ সম্প্ৰসাৰণ কৰা হয় । বুধবাৰৰ ৰাজ্যিক কেবিনেটৰ বৈঠকে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত আন এক সিদ্ধান্তত অনুমোদন জনায় । সেই অনুসৰি কেবিনেটে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ নিৰ্দিষ্ট ধাৰা অনুসৰি অসম ৰাজ্যিক খাদ্য সুৰক্ষা নিয়মাবলী, ২০২২ প্রস্তুতত অনুমোদন দিয়ে । ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে ক্ৰমে- অভ্যন্তৰীণ অভিযোগ নিষ্পত্তি প্ৰণালী’ৰ ব্যৱস্থা প্রবর্তন, ৰাজ্য চৰকাৰক গুৱাহাটীত মুখ্য কাৰ্যালয়ৰ সৈতে ৰাজ্যিক খাদ্য আয়োগ গঠনৰ ক্ষমতা প্রদান, টি পি ডি এছৰ অধীনত সুলভ মূল্যৰ দোকানৰ কাম-কাজৰ সামাজিক হিচাপ পৰীক্ষণ আৰু ৪ টা স্তৰত সতর্কতা আৰু নিৰীক্ষণ সমিতি হিচাপে ৰাজ্যিক স্তৰ, জিলা স্তৰ, খণ্ড স্তৰ আৰু এফ পি এছ স্তৰত নিৰীক্ষণ কৰা হ’ব । ছ’চাইটীৰ নৱীকৰণত শিথিলতা প্ৰদানৰ বাবে বুধবাৰৰ ৰাজ্যিক কেবিনেট বৈঠকে আন এক সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, ১ বছৰৰ অধিক নৱীকৰণৰ ক্ষেত্ৰত প্ৰতি বছৰে পেনাল্টী হিচাপে ২,০০০ টকা পৰিশোধৰ বাবে সমবায় পঞ্জীয়ন আইন, ১৮৬০ৰ ৰাজ্যিক সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয় । আনহাতে অভিযন্তা নিয়োগত উৎসাহী পদক্ষেপ হিচাপে কেবিনেট বৈঠকত অসম অভিযান্ত্রিক সেৱা নিযুক্তি পৰিষদৰ জৰিয়তে কেডাৰৰ পোনপটীয়া নিযুক্তি সৰল কৰিবলৈ অসম কাৰিকৰী শিক্ষা সেবা নিয়মাবলী, ১৯৮১ সংশোধনত অনুমোদন জনায়৷