প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৫ লাখ হিতাধিকাৰীলৈ গৃহৰ অনুমোদন আৰু পুঁজি মুকলি
আজি যোৰহাটৰ ক’ৰ্ট ফিল্ডত আয়োজিত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৫ লাখ হিতাধিকাৰীক গৃহৰ অনুদাল বিতৰণ অনুষ্ঠানত গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷
২০২৪ চনৰ ভিতৰত ‘সকলোৰে বাবে গৃহ’ৰ লক্ষ্য লৈ ভাৰত চৰকাৰে শুভাৰম্ভ কৰা ধ্বজাবাহী কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণলৈ এই গৃহ প্ৰদানৰ দ্বাৰা ৰাজ্যৰ জনসাধাৰণৰ মৌলিক সমস্যা সমাধানৰ দিশত আজি এক নতুন দিগন্তৰ সূচনা হ’ল৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গিৰিৰাজ সিঙক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷
এই ৫ লাখ হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰৰ মুঠ ব্যয় হ’ব প্ৰায় ৭,৭৩৯.৫ কোটি টকা৷ প্ৰথম কিস্তি হিচাপে হিতাধিকাৰীসকলে লাভ কৰিব সৰ্বমুঠ ১,৬৫৭.৫০ কোটি টকা৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ প্ৰতিগৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত তিনিটা কিস্তিত মুঠ ১ লাখ ৩০ হাজাৰ টকাৰ সাহায্যৰ উপৰি এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপে ২১,৭৫৫ টকা প্ৰদান কৰা হয়৷ অৰ্থাৎ পি এম এ ৱাই-জিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুঠ ১,৫১,৭৫৫ টকাকৈ লাভ কৰিব৷ বাকী হিতাধিকাৰীসকলকো শীঘ্ৰে চৰকাৰী গৃহ আবণ্টনৰ পুঁজি প্ৰদান কৰা হ’ব৷ ২০২৪ চনৰ ভিতৰত চৰকাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনাগত দিনত আৰু ৭ লাখ গৃহ নিৰ্মাণৰ কাম হাতত ল’ব৷
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পাছৰে পৰা এতিয়ালৈকে ১৯ লাখ গৃহ মঞ্জুৰী দিছে৷
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত যদি কোনো অনুপযুক্ত ব্যক্তিয়ে গৃহ লাভ কৰিছে বা অন্য কোনো অভিযোগ থাকিলে জনসাধাৰণে ১৮০০ ১২৩২ ৩৫৬০০ নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব৷
আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদদ্বয় তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ভৱেন্দ্ৰ নাথ ভৰালী, ভাস্কৰ বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷