২ জুন‌ তাৰিখে আদালতত হাজিৰ হ’ব ৰাহুল‌ গান্ধী!

0 65


প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে অন্তৱৰ্তীকালীন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু তেওঁৰ সাংসদ পুত্ৰ ৰাহুল গান্ধীক উত্থাপিত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত মাতি পঠিওৱা বুলি ‌জানিব‌ পৰা‌ গৈছে। যদিও ছোনিয়া গান্ধীক 8 জুনত তদন্তৰ বাবে যোগদান কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। আনহাতে যুৱ নেতা ৰাহুল‌ গান্ধীক 2 জুন তাৰিখে মাতি পঠোৱা হৈছিল।


অৱশ্যে, ৰাহুল গান্ধীয়ে ৫ জুন তাৰিখৰ পিছত যেন তেওঁক উপস্হিত হ’বলৈ অনুমতি প্ৰদান‌ কৰে তাৰ বাবে আৱেদন জনাইছে কিয়নো দলীয় সূত্ৰৰ জৰিয়তে জানিব‌ পৰা অনুসৰি তেওঁ বৰ্তমান দেশৰ বাহিৰত আছে।


২০১৪ চনত ৰাহুল গান্ধীয়ে তেওঁৰ এটা ভাষণত মহাত্মা গান্ধীৰ মৃত্যুৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ক দোষাৰোপ কৰিছিল। তাৰপিছত আৰ এছ এছ নেতা ৰাজেশ কুন্তে মহাৰাষ্ট্ৰৰ ভিৱান্দিত ন্যায়িক দণ্ডাধীশৰ সন্মুখত তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। বিগত মাহত, আদালতে ৱায়ানাডৰ সাংসদৰ সপক্ষে ৰায় প্ৰদান কৰিছিল আৰু কুন্তেক ১,০০০1,000 টকা জৰিমনা পৰিশোধ কৰাৰ বাবে ৰাহুল গান্ধীক আদেশ প্ৰদান কৰিছিল।

যদি মহামান্য আদালতে ৰাহুল গান্ধীৰ এই আৱেদনক গ্ৰহণ কৰে তেন্তে অহা ৫ জুন তাৰিখৰ পিছতহে এই গোচৰ সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হ’ব যুৱ নেতা গৰাকী। আনহাতে ৪ জুন তাৰিখে তদন্তৰ বাবে যোগদান কৰিব অন্তৱৰ্তীকালীন কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে।

media school
Leave A Reply

Your email address will not be published.