কাৰ্বি আংলং নিৰ্বাচনীত বিজেপিৰ ৰণডংকা

0 77

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধীক নিস্পভ কৰি নিৰ্বাচনী ৰণডংকা বজালে শাসকীয় বিজেপি দলে । আজি কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ দেওপানী সমষ্টিতৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰৱন তেলেংগাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এবছৰীয়া চৰকাৰ খনৰ সফলতা আৰু উন্নয়ণ মূলক আঁচনি সমূহ সম্প্ৰসাৰণৰ জৰিয়তে কাৰ্বিআংলং জিলাই ভৱিষ্যতে দেশৰ ভিতৰতে এখন উন্নত জিলালৈ পৰিগণিত হব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ১০ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এক বিশাল ৰাজনৈতিক সভা।

নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ উপৰিও পিযুষ হাজৰিকা, সঞ্জয় কিষাণ, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু পল্লৱ লোচন দাসৰ লগতে স্থানীয় বিধায়ক নোমল ম’মিন আৰু খুমটাইৰ বিধায়ক মিনাল শইকীয়া। কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পিচতে সম্প্ৰসাৰণ হ’ব অসম মন্ত্রী সভাৰ।

media school
Leave A Reply

Your email address will not be published.