জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱালে এজন শ্ৰমিকে
বৃহস্পতিবাৰে নিশা জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱালে এজন শ্ৰমিকে।এটা মাহৰ ভিতৰতেই ইছলামিক সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱালে ৯ জনকৈ হিন্দু। যদিও এই সময় পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সহাৰি লাভ কৰা নাই কাশ্মীৰী হিন্দু পণ্ডিত লোকসকলে। উপায়ন্তৰ হৈ শতাধিক হিন্দু পৰিয়ালৰ লোকে নিজৰ ঘৰ এৰিবলৈ বাধ্য হোৱাৰ কথা পোহৰলৈ আহিছে। এই ঘচনাক কেন্দ্ৰ কৰি আজি কাশ্মীৰ-শ্ৰীনগৰ ঘাইপথ অৱৰোধ কৰি ক্ষোভ উজাৰিলে কাশ্মীৰী হিন্দু সকলে।
কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে ইছলামিক সন্ত্ৰাসবাদীয়ে।জানিব পৰা মতে নিহত শ্ৰমিকজন বিহাৰৰ দিলখুছ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই আক্ৰমণত আন এজন লোকও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।বাডগামৰ চাডুৰা গাঁৱত এটা ইটাৰ ভাটাত কৰ্মৰত হৈ আছিল নিহত শ্ৰমিকজন।
ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই এতিয়া জম্মু-কাশ্মীৰৰ সাধাৰণ লোকৰ নিৰাপত্তাৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে।কাশ্মীৰ যেন এতি হিন্দুসকলৰ কবাবে সুৰক্ষিত নহয় এই ঘটনাই এই কথাষাৰক একেবাৰেই সত্য প্ৰমাণিত কৰিছে। ইছলামিক সন্ত্ৰাসবাদীয়ে বৃহস্পতিবাৰৰ দিনটোতেই বেংকৰ ভিতৰত কৰ্মৰত এজন হিন্দু বে’ক বিষয়াক ওচৰৰ পৰাই গুলীয়াই হত্যা কৰাৰ দৰে আনএক নোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাও পোহৰলৈ আহিছিল।ইয়াৰ পূৰ্বেও এনে এক হত্যাকাণ্ডৰ ঘটনা জানিব পৰা গৈছিল।
কেইদিনমানৰ আগতেও কাৰ্যালয়ৰ ভিতৰতেই এজন কাশ্মীৰী পণ্ডিতকো ইছলামিক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল বুলি জানিব পৰা গৈছিল। ইয়াৰ সমান্তৰালভাৱেই বিদ্যালয়ত কৰ্মৰত এগৰাকী হিন্দু শিক্ষয়ত্ৰীকো হত্যা কৰিছিল ইছলামিক সন্ত্ৰাসবাদীৰ দলে।এটা মাহৰ ভিতৰতেই ইছলামিক সন্ত্ৰাসবাদীয়ে ৯ জনকৈ হিন্দু লোকক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সন্ত্ৰাসবাদীৰ সন্ত্ৰাসে এফালে যেনেকৈ একাংশ লোকক সন্ত্ৰাসিত কৰি ৰাখিছে ঠিক তেনেদৰেইসন্ত্ৰাস দমনৰ নামত নিৰাপত্তাবাহিনীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপকলৈও এতিয়া সমগ্ৰ অঞ্চজুৰি তীব্ৰ শংকাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।