খোল খালে সিদ্ধু মুজ ৱালা হত্যাকাণ্ডৰ প্ৰথম পৃষ্ঠা

0 114

ষড়যন্ত্ৰ তথা পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল সিদ্ধু মুজ ৱালাক। অনুসন্ধানকাৰীৰ সন্মুখত এই কথা স্বীকাৰ কৰিলে গেংষ্টাৰ লৰেন্স বিষ্ণোই। বিষ্ণোই জানিব দিয়া অনুসৰি কানাডাস্থিত গোল্ডি ব্ৰাৰকে ধৰি তেওঁৰ দলটোৰ সদস্যসকলে সিদ্ধু মুজ ৱালাক ষড়যন্ত্ৰ, পৰিকল্পিতভাৱে হত্যা কৰিছিল।

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ জিম্মাত থকা গেংষ্টাৰ লৰেন্স বিষ্ণো‌ৰ অভিযোগ অনুসৰি বিগত গেংষ্টাৰ লৰেন্স বিষ্ণো‌ই‌ বিগত বছৰৰ ৭ আগষ্টৰ দিনটো অকালি দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকি মিদুখেৰাৰ হত্যাত জড়িত আছিল যাৰ ফলত তেওঁৰ আৰু পাঞ্জাৱী গায়কৰ মাজত “প্ৰতিদ্বন্দিতা” ৰ সৃষ্টি হৈছিল।
যদিও বিষ্ণোই এতিয়াও অনুসন্ধানকাৰীসকলক আটাইবোৰ‌ কথা‌ জনিবলৈ দিয়াৰ পৰা বিৰত‌ আছে। এই সময় পৰ্যন্ত এই হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ষড়যন্ত্ৰকাৰী তথা তেওঁৰ দলৰ সদস্যসকলৰ নাম প্ৰকাশ কৰা পৰা বিৰত ‌আছে বিষ্ণো।

উল্লেখযোগ্য যে ২৮ বছৰীয়া গায়ক-ৰাজনীতিবিদজনক ২৯ মে’ত পঞ্জাৱৰ মানচা জিলাত কিছুমান অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে তেওঁৰ নিৰাপত্তা আৱৰণ হ্ৰাস কৰাৰ এদিন পিছতেই এই‌ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল।

media school
Leave A Reply

Your email address will not be published.