দেশত পুনৰ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা

0 76

দেশত পুনৰ বৃদ্ধি পাইছে কোভিড-19 গোচৰ। দেশৰ ‌কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰে জাৰি কৰাৰ সম্ভাৱনা আছে কোভিড বিধি। ইতিমধ্যে ‌মহাৰাষ্ট্ৰৰ ৰাজ্য‌ চৰকাৰে মাক্স পৰিধান কৰাটো বাধ্যতামূলক কৰা বুলি জানিব ‌পৰা‌ গৈছে।

নাগৰিকসকলক মুকলি ঠাইৰ বাহিৰে ৰাজহুৱা স্থানত মুখা পিন্ধিবটো‌ বাধ্যতামূলক কৰা বুলি জানিব ‌পৰা‌ গৈছে। মহাৰাষ্ট্ৰই কোভিড গোচৰ বৃদ্ধি পোৱাৰ ‌পিছতেই ৰাজ্য চৰকাৰ খনে এই‌ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰে জিলা কৰ্তৃপক্ষৰ ওচৰত কোভিড গোচৰৰ বৰ্ধিত সংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। অতিৰিক্ত মুখ্য সচিব ড০ প্ৰদীপ ব্যাসে সকলো জিলা কৰ্তৃপক্ষলৈ লিখা এখন পত্ৰত ৰাজহুৱা স্থানত মুখা পিন্ধাটো বাধ্যতামূলক কৰাৰ বাবে কেইবাটাও নিৰ্দেশ প্ৰদান কৰাৰ কথাও ইতিমধ্যে জানিব ‌পৰা‌ গৈছে।‌‌

মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বন্ধ ৰাজহুৱা স্থান যেনে ৰেল, বাছ, চিনেমা, প্ৰেক্ষাগৃহ, কাৰ্যালয়, চিকিৎসালয়, মহাবিদ্যালয়, বিদ্যালয় আদিত মুখা পিন্ধাটো বাধ্যতামূলক।

media school
Leave A Reply

Your email address will not be published.