সিদ্ধু মুজ ৱালাৰ পৰিয়ালক সাক্ষাৎ অমিত শ্বাহৰ

0 74

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে চণ্ডিগড়স্থিত সদ্য নিহত‌ হোৱা গায়ক সিদ্ধু মুজ ৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিলে।‌ শুকুৰবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে‌ শোকতপ্ত পৰিয়ালটোৰ খবৰ‌ লৈছিল।‌ মুখ্যমন্ত্ৰী গৰাকীয়ে ‌ সিন্ধুৰ হত্যাকাৰীসকলক সোনকালে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

যোৱা‌ দেওবাৰে কোনো অচিনাকী লোকে গুলীয়াই হত্যা কৰিছিল ২৮ বছৰীয়া পাঞ্জাৱী গায়িকা গৰাকীক।নতুন আম আদমী পাৰ্টি চৰকাৰে গায়ক জনলৈ আগবঢ়োৱা নিৰাপত্তা ‌সামুহিকভাৱে কৰ্তন কৰাৰ এদিন পিছত জিলাখনত এই হত্যাকাণ্ডটো সংঘটিত হৈছিল।

ৰাজ্যৰ ‌চৰকাৰে সদৰি কৰা‌ অনুসৰি সিদ্ধু মুজ ৱালাৰ হত্যা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ সূত্ৰ লাভ কৰিছে আৰু অতি কম সময়ৰ ভিতৰতেই আৰক্ষীয়ে জঘন্য অপৰাধৰ অপৰাধী সকলক আটক কৰিব‌ বুলি‌ ৰাজ্য খনৰ‌ চৰকাৰে মত প্ৰকাশ কৰিছে।

media school
Leave A Reply

Your email address will not be published.