ৰঙা ঘৰৰ আলহী SI জোনমনি ৰাভা

0 76

কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত SI জোনমণি ৰাভা।গড়মূৰ জিলা কাৰাগাৰ জোনমণিৰ এতিয়া নতুন ঠিকনা।১৪ দিন ৰ ন্যায়িক জিম্মালৈ প্ৰেৰন SI জোনমনি ৰাভাক ।কাৰাগাৰলৈ প্ৰেৰণৰ প্ৰাকমূহূৰ্তত জোনমণি ৰাভাৰ ভাষ্য “মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে!মই নিৰ্দোষী ।”

প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীত দিয়া গোচৰৰ সৈতে নাম সাঙোৰ খাইছিল SI জোনমণি ৰাভাৰ।মাজুলীৰ তিনিগৰাকী ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰা আৰু ৰঞ্জন কুটুমৰ পৰা প্ৰৱঞ্চনাৰে কোটিৰ ঘৰত ধন আত্মসাত কৰা ঘটনাৰ বাবে দিয়া গোচৰত পৰোক্ষভাৱে SI জোনমণি ৰাভাৰ নাম সাঙোৰ খাইছিল।অভিযোগ অনুসৰি SI ৰাভাই ভুক্তভোগী ব্যৱসায়ী তিনিজনক তেওঁৰ ভাবী স্বামী ৰাণা পগাগক ONGCৰ বিষয়া হিচাপে পৰিচয় কৰাই দি ধন দিবলৈ বিশ্বাস জন্মোৱাৰ বাবেই ব্যৱসায়ী কেইজনে বৃহৎ অংকৰ ধন দিছিল প্ৰৱঞ্চক ৰাণা পগাগক।কেলেংকাৰী সন্দৰ্ভত ইয়াৰ পূৰ্বে জোনমনি ৰাভাৰ আপত্তিজনক বহু ফোন টেপিং ভাইৰেল হোৱাৰ লগতে আৰক্ষী বিষয়া গৰাকীৰ বেংক একাউণ্টত ব্যৱসায়ী অজিত বৰাৰ বেংক একাউণ্টৰ পৰা ধন দিয়াৰ তথ্য পোহৰলৈ আহিছিল।

প্ৰৱঞ্চক ৰাণাক মাজুলী আৰক্ষীয়ে ১৪ দিনৰ ন্যায়িক জিম্মাত জিলা কাৰাগাৰত ৰাখিছিল যদিও বুধবাৰে প্ৰৱঞ্চক ৰাণাক আন এক গোচৰৰ আধাৰত নগাওঁ আৰক্ষীয়ে আদালতৰ অনুমতি সাপেক্ষে নগাঁও আৰক্ষীৰ জিম্মালৈ নিয়ে।

media school
Leave A Reply

Your email address will not be published.