আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ এগৰাকী মেধাৱী ছাত্ৰী

0 85

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ এগৰাকী মেধাৱী ছাত্ৰী। ভীমকলৰ পৰা অভিনৱ পদ্ধতিৰে গুৰ প্ৰস্তুত কৰি উজ্জ্বলিল নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰীগৰাকী।এই মেধাৱী ছাত্ৰী গৰাকী হৈছে উপাসনা বৰুৱা। ইণ্ডিয়ান ইয়ং ইন’ভেটৰচ এণ্ড ইনভেন্টৰচ চেলেঞ্জ চমুকৈ IYIIC ৰ Regional level ৰ এক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল এই মেধাৱী ছাত্ৰী গৰাকীয়ে।

IYIICৰ Regional levelত অনলাইন যোগে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল মেধাৱী ছাত্ৰী উপাসনা বৰুৱা। তেওঁ নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী। এই পৰীক্ষাত নিৰ্বাচিত হৈ উপাসনাই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল।

শিক্ষাৰ্থী গৰাকীয়ে Food and nutrition বিষয়ৰ লগত সংগতি ৰাখি ভীম কলৰ পৰা অভিনৱ পদ্ধতিৰে গুৰ প্ৰস্তুত কৰি এই চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
এই সাফল্যৰ পাছতে এতিয়া সমগ্ৰ নাৰায়ণপুৰ অঞ্চলতে আনন্দৰ যোৱাৰ উঠিছে।

media school
Leave A Reply

Your email address will not be published.