মানকাচৰত আম আদমী পাৰ্টীৰ বৃহৎ ৰেলি

0 72

আজি মুস্তাক আহমেদৰ নেতৃত্বত প্ৰায় ৩ শতাদিক লোকে এক বৃহৎ ৰেলিৰ জৰিয়তে প্ৰচাৰ চলায়। আম আদমী পাৰ্টীৰ এই বাইক ৰেলিৰ প্ৰচাৰত মানকাচৰৰ মহিলা শক্তিৰ ৰেহেনা আনামৰ নেতৃত্বত বহু সংখ্যক মহিলাও উপস্থিত থাকে।

বিশেষকৈ মানকাচৰৰ কাকৰীপাৰাৰ পৰা কালাপানী পূৰ্বঞ্চলৰে জিলা সদৰ হাটশিঙিমাৰী লৈকে বাইক ৰেলিৰ জৰিয়তে প্ৰচাৰ চলায় আম আদমী পাৰ্টীয়ে।উল্লেখ্য যে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে মানকাচৰ সমষ্টিতো আগন্তক দিনত আম আদমী পাৰ্টীৰ ভেটি শক্তিশালী হ’ব বুলি মন্তব্য পাৰ্টীৰ সদস্য মুস্তাক আহমেদৰ।

মানকাচৰত আম আদমী পাৰ্টীৰ নেতৃত্ব দিয়া মুস্তাক আহমেদে শেহতীয়াকৈ এখন সংবাদ মেল সম্বধন কৰি মানকাচৰৰ ৰাইজৰ উদ্দেশ্যে APPৰ হৈ এনেদৰে মন্তব্য কৰে।

media school
Leave A Reply

Your email address will not be published.