চলচ্চিত্ৰ জগতৰ সন্মানীয় বঁটা আইফা ২০২২ ঘোষণা

0 133

এইবেলি অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত একছনধৰ্মী ছবি  ‘শ্বেৰশ্বাহ’ -এ আইফাৰ শ্ৰেষ্ঠ ছবি হিচাবে সন্মন অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অভিনেতা বিকি কৌশল, কৃতি চেননে শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ  সক্ষম হৈছে। আবু ধাবিৰ য়াছ দ্বীপৰ য়াছ বে ৱাটাৰফ্ৰণ্টৰ  ইতিহাদ এৰেনাত অনুষ্ঠিত হোৱা আইফাৰ বঁটা প্ৰদান অনুষ্ঠানত দেশ-বিদেশৰ বহু চেলিব্ৰেটিয়ে অংশগ্ৰহণ কৰে৷

কৰণ জোহৰ প্ৰযোজিত, ‘শ্বেৰশ্বাহ য়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ লগতে শ্ৰেষ্ঠ পৰিচালনাৰ সন্মান লাভ কৰিছে। ছবিখন, কাৰ্গিল যুদ্ধৰ নায়ক কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছে৷ শ্ৰেষ্ঠ গায়ক-গায়িকাৰ শিতানত ক্ৰমে  ৰাতান লম্বিয়ানৰ বাবে জুবিন নটিয়াল আৰু আচিছ কৌৰক পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ সন্মান লাভ কৰিছে এ আৰ ৰহমানৰ “আত্ৰংগী ৰে”৷ অনুৰাগ বসুক তেওঁৰ বহু প্ৰশংসিত ২০২০ চনত মুক্তি প্ৰাপ্ত “লুডো”ৰ বাবে শ্ৰেষ্ঠ মূল কাহিনীৰ বঁটা প্ৰদান কৰা হৈছে ৷

১৯৮৩ চনৰ ভাৰতৰ ক্ৰিকেট বিশ্বকাপ বিজয়ৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ “৮৩”ৰ বাবে কবীৰ খান আৰু সঞ্জয় পুৰাণ সিং চৌহানে শ্ৰেষ্ঠ অভিযোজিত কাহিনীৰ সন্মান লাভ কৰিছে। “চৰ্দাৰ উধম”ত স্বাধীনতা সংগ্ৰামী উধম সিঙৰ চৰিত্ৰৰ বাবে বিকি কৌশলক  শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচন কৰা হয়। 

সুজিত চিৰকাৰে পৰিচালনা কৰা ছবি খন বিগত বৰ্ষত  প্ৰাইম ভিডিঅ’ত মুক্তি দিয়া হৈছিল। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি আনন্দিত হৈ পৰা বিকিয়ে তেওঁৰ এই সফলতাৰ বাবে  তেওঁৰ পৰিয়াল,  কেটৰিনা কাইফ, চিৰকাৰ আৰু প্ৰযোজক ৰনি লাহিড়ীক ধন্যবাদ জনাইছে।অভিনেতাজনে তেওঁৰ প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ এই সন্মান প্ৰয়াত অভিনেতা ইৰফান খানৰ নামত উৎসৰ্গিত কৰিছে৷ অভিনেত্ৰী কৃতি চেননে  “মিমি”ত কৰা অপূৰ্ব অভিনয়ৰ বাবে  শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে৷   পংকজ ত্ৰিপাঠীয়ে “লুডো”ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰিছে।  কৌছাৰ মুনিৰে কবীৰ খানৰ “৮৩”ৰ পৰা “লেহৰে দো” গানটোৰ বাবে শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 

অভিনেত্ৰী শৰৱৰী ৱাঘে তেওঁৰ ছবি “বান্টি ঔৰ বাবলি ২”ৰ বাবে শ্ৰেষ্ঠ  বঁটা লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানটো চলমান খান, ৰিতেশ দেশমুখ আৰু মণিশ পলৰ লগতে  অভিষেক বচ্চন, টাইগাৰ শ্ৰফ, অনন্যা পাণ্ডে, চাৰা আলী খান, নোৰা ফাতেহী আদি অভিনেতা-অভিনেত্ৰীসকল উপস্থিত আছিল৷ অনুষ্ঠানত প্ৰয়াত সংগীত পৰিচালক বাপ্পী লাহিড়ীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ 

media school
Leave A Reply

Your email address will not be published.