অৰণ্য মানৱ যাদৱ পায়েং আৰু মন্ত্ৰী অতুল বৰাৰ গছ পুলি ৰোপন

0 98

আজি বিশ্ব পৰিৱেশ দিৱস। ধৰিত্ৰীক সজীৱ কৰি ৰখাৰ উদ্দেশ্য বোকাখাততো বিশ্ব পৰিৱেশ দিৱস উদযাপন।বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰিলে বিশ্ব পৰিৱেশ দিৱস। অৰণ্য মানৱ যাদৱ পায়েং আৰু মন্ত্ৰী অতুল বৰাই ৰোপন কৰিলে গছ পুলি।

বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা বিশ্ব পৰিবেশ দিৱসত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং আৰু বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা।

বোকাখাত মহকুমাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন,দেৱাল অংকন, শ্লগান, ফেঞ্চি সাজ প্ৰতিযোগিতা অনুস্থিত কৰাৰ লগতে স্থান প্ৰাপ্ত শিক্ষাৰ্থী সকলক বঁটা প্ৰদান কৰে।

সভাত উপস্থিত থাকি অৰণ্য যাদৱে নিজ হাতেৰে গঢ়া মোলাই কাঠনিৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ আগত ব্যক্তব্য প্ৰদান কৰে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে মন্ত্ৰী অতুল বৰাই সকলোকে আহ্বান জনায়।

media school
Leave A Reply

Your email address will not be published.