বলীউড অভিনেতা চলমান খানৰ নিৰাপত্তা বৃদ্ধি

0 192

দেওবাৰে চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানলৈ কোনো অচিনাকীৰ পৰা‌ মৃত্যুৰ ভাবুকি পত্ৰ লাভ কৰিছিল । ইয়াৰ পিছতেই মহাৰাষ্ট্ৰৰ গৃহ বিভাগে বলীউড অভিনেতা চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰে।
চেলিম খানৰ ৰক্ষী সকলে মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ড প্ৰমেনাডত কোনো অজ্ঞাত ব্যক্তি পৰা “তুমহাৰা মুজ ৱালা কাৰ দেংগে অৰ্থাৎ ʼআপুনি মুজ ৱালাৰ দৰে শেষ হ’বʼ বুলি এখন পত্ৰ লাভ কৰে। পত্ৰখন অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃলৈ চেলিম খানলৈ সম্বোধন কৰা হৈছিল।


আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, চেলিম খানে পুৱা প্ৰায় ৭:৪০ বজাত খোজ কাঢ়িবলৈ প্ৰমেনাডলৈ গৈছিল আৰু সাধাৰণতে তেওঁ বহি থকা বেঞ্চখনতেই বহিছিল। এই ভাবুকি পত্ৰখন তাৰ পৰাই ‌পোৱা বুলি জানিব ‌পৰা‌ গৈছে।


চেলিম খানে তেওঁৰ নিৰাপত্তাৰক্ষীৰ জৰিয়তে আৰক্ষীক অৱগত কৰিছিল। তেওঁ আৰক্ষী লৈ দিয়া এই ভাষ্য ৰেকৰ্ডিং কৰা হৈছে লগতে ‘অপৰাধমূলক ভাবুকি’ৰ বাবে ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা অপৰাধ পঞ্জীয়ন কৰা হৈছে‌‌ বুলি আৰক্ষীয়ে জানিব দিয়ে।আৰক্ষীক প্ৰদান কৰা পত্ৰখনত লিখা আছিল, “চেলিম খান চলমান খান বহোত জলদ তুমাহৰা মুজৱালা হোগা k.G.B.L.B.

media school
Leave A Reply

Your email address will not be published.