ঘোষণা হ’ব অসম চৰকাৰৰ দুজন নতুন মন্ত্ৰীৰ নাম

0 89

আজি ঘোষণা কৰা হ’ব অসম চৰকাৰৰ দুজন নতুন মন্ত্ৰীৰ নাম।কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো সম্প্ৰসাৰণ। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি বিয়লি ভাগত ঘোষণা কৰিব ভাগ্যৱান দুই বিধায়কৰ নাম।

মুখ্যমন্ত্ৰীয়ে আজি নাম ঘোষণা কৰাৰ পিছত কাইলৈ শপত গ্ৰহণ কৰিব দুজনকৈ নতুন মন্ত্ৰীয়ে । যদিও ড° শৰ্মাৰ মন্ত্ৰীসভাৰ সম্পূৰ্ণ সম্প্ৰসাৰণ এতিয়াই কৰা নহয়। এই নিজ মুখে সদৰি কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। অথাৎ এতিয়াও তিনিটা মন্ত্ৰীপদ খালী কৰিয়েই ৰখা হ’ব।

ৰাজ্য চৰকাৰে ইতিমধ্যে নতুনকৈ তিনিটা বিভাগ সৃষ্টি কৰিছে।মহিলা শিশু কল্যাণ বিভাগ, জনজাতি কল্যাণ বিভাগ(ভৈয়াম) আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰখনে।

media school
Leave A Reply

Your email address will not be published.