খেলো ইণ্ডিয়া টুৰ্নামেণ্টক লৈ মন্ত্ৰী বিমল বৰাৰ বিশেষ ঘোষণা

0 99

খেলো ইণ্ডিয়া টুৰ্নামেণ্টত পদকপ্ৰাপ্ত অসমৰ খেলুৱৈলৈ আগবঢ়োৱা হ’ব নগদ ধনৰ পুৰস্কাৰ।ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি আৰু  সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জনতা ভৱনৰ এক সভাত এই কথা ঘোষণা কৰিলে এই কথা।৪ জুনৰ পৰা আৰম্ভ হোৱা এই খেলো ইণ্ডিয়া টুৰ্নামেণ্ট ১৩ জুনলৈ চলিব।

খেলো ইণ্ডিয়া টুৰ্নামেণ্টত সোণৰ পদক বিজয়ীলৈ আগবঢ়োৱা হব ১ লাখ টকাৰ নগদ ধন পুৰস্কাৰ।ৰূপৰ পদক পোৱা সকলক ৭৫ হাজাৰ আৰু ব্ৰঞ্জৰ পদক পোৱা সকলক ৫০ হাজাৰ টকাৰ নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, এই খেলো ইণ্ডিয়া টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা প্ৰত্যেকে গৰাকী খেলুৱৈলৈ আগবঢ়োৱা হব মুঠ  ২০ হাজাৰ টকাকৈ পুৰস্কাৰ আগবঢ়োৱা হব বুলি জানিব পৰা গৈছে।

খেলো ইণ্ডিয়া টুৰ্নামেণ্টত সাঁতোৰ, বক্সিং, ভাৰোত্তলন, জিমনাষ্টিক, বেডমিণ্টন, থাংটা, ১০০ মিটাৰ দৌৰকে ধৰি মুঠ ১৩ বিধ খেল আছে।ইতিমধ্যে এই প্ৰতিযোগিতাত অসমৰ মুঠ ৬২ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

media school
Leave A Reply

Your email address will not be published.