সোণতলীত ভূমিকেন্দ্ৰীকে সংঘাতে ক্ৰমশঃ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

0 44

দক্ষিণ কামৰূপৰ সোণতলীত ভূমিকেন্দ্ৰীক ভয়ংকৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ এই সংঘাতৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুজনকৈ লোকে৷ এই ঘটনাক লৈ সমগ্ৰ সোণতলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ভূমিকেন্দ্ৰীক সংঘাতে লৈছে ভয়ংকৰ ৰূপ ৷ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে সোণতলী অঞ্চল ৷ এইবাৰ হত্যাকাৰীৰ ঘৰ জ্বলালে উত্তেজিত ৰাইজে ৷ জানিব পৰা মতে মুঠ ছয়টাকৈ ঘৰ জ্বলাই দিছে উত্তেজিত ৰাইজে৷ দলিয়াই দিলে ঘৰৰ সকলো ধৰণৰ আচবাব পত্ৰ ৷ আনহাতে ক্ষোভিত ৰাইজে জ্বলাই দিলে মটৰ চাইকেল৷

এই সংঘাতৰ ফলত আজি পুৱাৰ ভাগত মৃত্যু হৈছিল নুৰ মহম্মদ আৰু আলি আকবৰ নামৰ লোক দুজনৰ৷ সোণতলীৰ কিচমত কাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘটিত হৈছিল তুমুল সংঘৰ্ষ ৷ এই সংঘৰ্ষত লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল দুজনক লোকক ৷ এই মাৰপিটৰ ফলতেই আহত হৈছে ২২ জনকৈ লোক ৷ কিছমত কাঠমি গাঁৱৰ কুৰবান আলী আৰু আলি আকবৰ নামৰ দুটা ফৈদৰ মাজত এডোখৰ ভূমিকলৈ সৃষ্টি হৈছিল সংঘাত ৷ আজি পুৱাৰ ভাগত সেই সংঘাতে লৈছিল চূড়ান্ত ৰূপ ৷দুটা পক্ষৰ দুৰ্বাদল কাজিয়াত আহত-নিহত ২২জনকৈ লোকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও নিহত হোৱা ২ লোকৰ উপৰিও ১৭ জনকৈ লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সোণতলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ যদিও ইমানতেই এই সংঘাতৰ অন্ত নপৰিল। এই ভূমিকেন্দ্ৰিক সংঘাতে পুনৰ লৈছে ভয়ংকৰ ৰূপ ৷ ক্ৰমাশঃ যেন উত্তপ্ত হৈ পৰিছে সমগ্ৰ সোণতলী৷ এইবাৰ হত্যাকাৰীৰ ঘৰ উত্তেজিত ক্ষোভিত ৰাইজে জ্বলাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷উত্তেজিত ৰাইজে ছয়টাকৈ ঘৰ জ্বলাই দিয়াৰ উপৰিও ঘৰৰ সকলো আচবাব পত্ৰ দলিয়াই দিয়ে বুলিও জানিব পৰা গৈছে৷ আনহাতে ইমানতেই ক্ষান্ত নাথাকি জ্বলাই দিয়া হৈছে মটৰ চাইকেল৷

Leave A Reply

Your email address will not be published.