তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে চাকৰি

0 57

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ।জনতা ভৱনত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়া সকলৰ বৈঠক।বৈঠকৰ অধ্যক্ষতা কৰিলে মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাই।

এই বৈঠকত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ হিচাপে ২০২২ৰ ৭ আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে ২০২২ৰ ২১ আগষ্ট দিনটো ধাৰ্য্য কৰাৰ নিৰ্দেশনা দিয়ে। তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ’ব যিটো অতি সোনকালে ঘোষণা কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

চৰকাৰৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰে।আনহাতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা ৪,৪৩,৬৫৫ গৰাকী। প্ৰতিগৰাকী আবেদনকাৰীক মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিব বিচাৰে  যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰিব। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে

Leave A Reply

Your email address will not be published.