যোগ দিৱসৰ প্ৰাকমুহূৰ্তত যোগাসন কৰাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 100

অৰুণাচলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাকমুহূৰ্তত অৰুণাচলত যোগাসন কৰাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। আন্তৰ্জাতিক যোগ দিৱস ২০২২ উপলক্ষে অৰুণাচল প্ৰদেশৰ মনোৰম জিৰ’ত যোগ উৎসৱত অংশগ্ৰহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আন্তৰ্জাতিক যোগ দিৱসৰ ১২দিনৰ গণনাৰ অংশ হিচাপে অৰুণাচলত উপস্থিত মন্ত্ৰীগৰাকী। মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে যোগ কাৰ্যসূচীত অংশ লয় অৰুণাচল প্ৰদেশ চৰকাৰৰ শিক্ষা, সাংস্কৃতিক পৰিক্ৰমা, খিলঞ্জীয়া পৰিক্ৰমা মন্ত্ৰী, অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰীৰ লগতে অন্যান্য যোগ উৎসাহীসকলে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ‘যোগে মন, শৰীৰ আৰু আত্মাৰ মাজত যোগসূত্ৰ স্থাপন কৰি মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰে আৰু শান্তিৰ সন্ধান দিয়ে’।

media school
Leave A Reply

Your email address will not be published.