সংস্কাৰ ভাৰতীৰ জ্যেষ্ঠ প্ৰচাৰক তথা পৃষ্ঠপোষক বাবা যোগেন্দ্ৰ ৰ মৃত্যু

0 139

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তথা সংস্কাৰ ভাৰতীৰ পৃষ্ঠপোষক পদ্মশ্ৰী বাবা যোগেন্দ্ৰ আজি ৯৮ বছৰ বয়সত ২০২২ চনৰ ১০ জুন তাৰিখে পুৱা ৮ বজাত বৈকুণ্ঠগামী হয়। বাবা যোগেন্দ্ৰ জী কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ আছিল।

শিল্প-সাহিত্যৰ ক্ষেত্ৰত কাম কৰা সৰ্বভাৰতীয় সংগঠন সংস্কাৰ ভাৰতীৰ প্ৰতিষ্ঠাপক বাবা যোগেন্দ্ৰ বহু বছৰ ধৰি ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী আছিল। শিল্পক্ষেত্ৰত তেখেতৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰিও ভৌৰাও দেওৰাস সেৱা সন্মান আৰু অহিল্যা বাই হোলকাৰ ৰাষ্ট্ৰীয় বঁটাৰ লগতে আন বহুতো বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল।

১৯২৪ চনৰ ৭ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ গান্ধীনগৰত বাবা যোগেন্দ্ৰৰ জন্ম হৈছিল। শৈশৱ ৰ পৰায়েই তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখালৈ যাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত গোৰখপুৰত পঢ়া-শুনাৰ সময়ত সংঘৰ প্ৰচাৰক নানাজী দেশমুখৰ সংস্পৰ্শলৈ আহে। অৱশেষত, সংঘৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁ এজন প্ৰচাৰক হৈ পৰে।

বাবা যোগেন্দ্ৰ গোৰখপুৰ, প্ৰয়াগ, বৰেল্লী, সীতাপুৰত আদি বিভিন্ন ঠাইত সংঘৰ প্ৰচাৰক হিচাপে আছিল। ১৯৮১ চনত সংস্কাৰ ভাৰতী সংগঠন গঠন হোৱাৰ সময়ত বাবা যোগেন্দ্ৰক ইয়াৰ সৰ্বভাৰতীয় সংগঠন মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। পদ্মশ্ৰী ড০ বিষ্ণু শ্ৰীধৰ ৱাকাংকৰ জীৰ সৈতে মিলি তেওঁ দীৰ্ঘদিন ধৰি শিল্পকলা ক্ষেত্ৰত মনোনিবেশ কৰিছিল । তেওঁৰ নিৰ্দেশনাত সংস্কাৰ ভাৰতী আজি শিল্প ক্ষেত্ৰৰ এক আগশাৰীৰ সংগঠন।

media school
Leave A Reply

Your email address will not be published.