সম্প্ৰসাৰণ ক্ষুদ্ৰ কিন্তু ৰদবদল বৃহৎ অসম মন্ত্ৰীসভাৰ
- অসম মন্ত্ৰীসভাৰ বৃহৎ ৰদবদল
- বিভাগ পৰিচালনাত ব্যৰ্থ ,চন্দ্ৰমোহন পাটোৱাৰী-পৰিমল শুক্লবৈদ্য-ৰঞ্জিত কুমাৰ দাস-বিমল বৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষনা অনুসৰি বৃহস্পতিবাৰে নতুনকৈ দুগৰাকী কেবিনেট মন্ত্ৰীৰ অন্তৰ্ভূক্তিৰে অসম মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হয় যদিও দিনটোত কেবাগৰাকীও জেষ্ঠ মন্ত্ৰীৰ একাধিক দপ্তৰ কৰ্তন বা সালসলনি মন্ত্ৰীসভাৰ এক বৃহৎ ৰদবদল কৰা হয় ৷ কাৰ্যত: অসম মন্ত্ৰীসভাৰ যিকেইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি নিজৰ বিভাগ পৰিচালনা কৰাত ব্যৰ্থ হোৱাৰ যি অভিযোগ উত্থাপন হৈ আহিছিল, বৃহস্পতিবাৰে সেইকেইগৰাকী মন্ত্ৰীৰে বিভাগ কৰ্তন আৰু ৰদবদল কৰি নতুনকৈ মন্ত্ৰীসভাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰে ৷ ইয়াৰ লগে লগে দপ্তৰ কৰ্তন হোৱা মন্ত্ৰীকেইগৰাকীক বহুতে ব্যৰ্থ মন্ত্ৰী আখ্যা দিয়াও দেকা গৈছে৷ উল্লেখ্য যে, অসম মন্ত্ৰীসভাৰ আটাইতকৈ ব্যৰ্থ মন্ত্ৰী হিচাপে অভিযোগ উত্থাপন হৈছিল পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ৷ সেই অনুসৰি তেওঁৰ পৰা বন বিভাগ কৰ্তন কৰা হয় ৷ বহুবল্কী মন্ত্ৰী হিচাপে পৰিচিত চন্দ্ৰমোহন পাটোৱাৰীৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে পৰিবহন আৰু উদ্যোগ বিভাগো কৰ্তন কৰা হয় ৷
সমান্তৰালকৈ বিমল বৰাৰ পৰা শক্তি বিভাগ কৰাতন কৰা হয় যদিও তেওঁৰ বিৰুদ্ধে বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনো অভিযোগ উঠা পৰিলক্ষিত হোৱা নাছিল ৷ ইফালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা জনস্বাস্থ কাৰিকৰী বিভাগটো কৰ্তন কৰা হয় ৷ ইয়াৰ বিপৰীতে সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান পোৱা নতুন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰ্যটন বিভাগৰ লগতে দক্ষতা, নিয়োগ আৰু উদ্যোমিতা বিভাগৰ দায়িত্ব অৰ্পন কৰা হয় । নতুনকৈ স্থান পোৱা মন্ত্ৰী নন্দিতা গাৰ্লোচাক শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে ৷ লগতে খনি আৰু খনিজাত পদাৰ্থ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰো অৰ্পন কৰা হৈছে নন্দিতা গাৰ্লোচাক।
মন্ত্ৰী বিমল বৰাৰ হাতৰ পৰা শক্তি বিভাগ কৰ্তন কৰি নন্দিতা গাৰ্লোচাক দায়িত্ব দিয়া হৈছে । উদ্যোগ আৰু বাণিজ্য দপ্তৰ অৰ্পন কৰা হৈছে বিমল বৰাক ৷ চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা এই দপ্তৰ কৰ্তন কৰি বিমল বৰাক দিয়া হৈছে ৷ আনহাতে পৰিমল শুক্লবৈদ্যৰ পৰা বন আৰু পৰিৱেশ দপ্তৰ কৰ্তন কৰি এই দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে ৷ আনহাতে চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা কৰ্তন কৰা পৰিবহন বিভাগৰ দায়িত্ব দিয়া হৈছে পৰিমল শুক্লবৈদ্যক । শপত গ্ৰহন অনুস্থানৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ৰদবদল কৰি ঘোষনা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ সদস্যসকলক নতুনকৈ দিয়া দায়িত্ব অনুসৰি -মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গৃহ, পাৰ্ছনেল, লোক নিৰ্মাণ আৰু অন্যান্য বিতৰণ নোহোৱা বিভাগ নিজৰ লগত ৰাখি ৰঞ্জিত কুমাৰ দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্রশাসন বিভাগ, অতুল বৰাক কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত অঞ্চল উন্নয়ন, অসম চুক্তি ৰূপায়ণ বিভাগ, ইউ জি ব্রহ্মক হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ, চন্দ্ৰমোহন পাটোৱাৰীক পৰিৱেশ আৰু বন, এই ইষ্ট পৰিক্রমা, সংখ্যালঘু কল্যাণ বিভাগ, পৰিমল শুক্লবৈদ্যক পৰিবহণ, মীন আৰু আবকাৰী বিভাগ, কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্রযুক্তি, তথ্য-প্রযুক্তি বিভাগ, ডা: ৰণোজ পেগুক শিক্ষা (উচ্চ মাধ্যমিক আৰু প্ৰাথমিক), জনজাতীয় কল্যাণ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (সংগ্ৰহালয় আৰু পুথিভঁৰাল সঞ্চালকালয়), অশোক সিংহলক গৃহ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগ, যোগেন মহনক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, পার্বত্য অঞ্চল উন্নয়ন বিভাগ, সঞ্জয় কিষাণক চাহ জনজাতি উন্নয়ন, শ্রমিক কল্যাণ বিভাগ, অজন্তা নেওগক বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগ, পীযূষ হাজৰিকাক জনসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, বিমল বড়া– উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা বিভাগ, নন্দিতা গার্লোছা– শক্তি, সমবায়, খনি আৰু খনিজাত পদার্থ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ আৰু জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, পর্যটন বিভাগৰ দায়িত্ব অৰ্পন কৰে