আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ৰ বাবে সাজু বিজেপি আৰু বিৰোধী দল

0 47

অৱশ্যে দেশৰ ১১ খন ৰাজ্যত বিজেপি শাসিত ৰাজ্য থকাৰ লগতে লোকসভা আৰু ৰাজ্যসভাতো বিজেপিৰ প্ৰতাপ বিৰোধীতকৈ বহু বেছি এনে পৰিস্থিতিত বিৰোধীয়ে বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনাব পাৰিবনে নাই সেয়া বিচাৰ্যৰ বিষয়।বিৰোধী দলসমূহে এতিয়াও উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ বিষয়ত ঐক্যমতত উপনীত হ’ব পৰা নাই। এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী শিবিৰক ঐক্যবদ্ধ কৰাৰ কামত উঠি-পৰি লাগিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মমতা বেনাৰ্জীয়ে। 

ইয়াৰ পূৰ্বেও মমতাই এনডিএৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত বিৰোধীক ঐক্যবদ্ধ কৰাৰ চেষ্টা চলোৱাৰ নজিৰ আছে। যিকিনহওখ, এইবাৰো ৰাষ্ট্ৰপতি নিভাচনৰ প্ৰাকমুহূৰ্তত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যুটীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ ১৫ জুনত নতুন দিল্লীত বিৰোধী দলৰ নেতাসকলৰএখন বৈঠকত আহ্বান কৰিছে।মমতাই ৰাষ্ট্ৰপতি নিৰ্বাচনক উপলক্ষ্য হিচাবে লৈ  ২২ গৰাকী বিৰোধী দলৰ নেতালৈ পত্ৰ লিখিছে।

পত্ৰত বেনাৰ্জীয়ে  ১৫ জুনত দিল্লীৰ কনষ্টিটিউচন ক্লাবত বিৰোধী দলৰ নেতাসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।  এইপ্ৰসংত টিএমচিয়ে টুইটাৰত কয়, “আমাৰ মাননীয় অধ্যক্ষ মমতা বেনাৰ্জীয়ে  সকলো প্ৰগতিশীল বিৰোধী শক্তিক ২০২২ চনৰ ১৫ জুনত আবেলি ৩ বজাত নতুন দিল্লীৰ সংবিধান ক্লাবত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ত  ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰিছে।” পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টালিন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। 

Leave A Reply

Your email address will not be published.