দুলীয়াজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ
দুলীয়াজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।এচআই পংকজ উপাধ্যায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা সজাতি দলে দুলীয়াজানৰ পৰা আটক কৰে বৃহত পৰিমাণৰ ড্ৰাগছ।এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহত পৰিমাণৰ ড্ৰাগছ। অশ্বিনী শ্বাহ নামৰ এজন সন্দেহযুক্ত যুৱকৰ পৰা আটক কৰা হৈছে মাৰাত্মক হেৰইন। এটা চাবোনৰ কণ্টেইনাৰৰ পৰা উদ্ধাৰ হৈছে এই সন্দেহযুক্ত হেৰইন খিনি।আৰক্ষীৰ চোকা তালাচী অভিযানৰ পিছতো কিন্তু ৰাজ্যত পোহৰলৈ আহি আছে এটা পিছত আন এটা ড্ৰাগছৰ লগত সাঙুৰ খাই পৰা নতুন নতুন তথ্য। ৰাজ্যৰ আৰক্ষীয়ে সম্প্ৰতিও চলাই আছে এনে ড্ৰাগছ বিৰোধী অভিযান।
মুখ্যমন্ত্ৰী হিমন্তবিযশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ পিছতেই সমগ্ৰ ৰাজ্য আৰক্ষীয়ে আৰম্ভ এই ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ এনে আন এক অভিযানক্ৰমেই ৰাজ্যৰ পৰা আন এক ড্ৰাগছৰ আন এটা কেচ পোহৰলৈ আহিছে।এইবাৰ দুলীয়াজানৰ পৰা অসমৰ আৰক্ষীয়ে আটক কৰিলে এটা ধৃত সৰবৰাকাৰীৰ লগতে মাৰাত্মক সন্দেহযুক্ত হেৰইন। এচআই পংকজ উপাধ্যায়ৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অশ্বিনী শ্বাহ নামৰ এটা যুৱকৰ পৰা অবৈধ ড্ৰাগছ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এটা চাবোনৰ কণ্টেইনাৰৰ পৰা উদ্ধাৰ হৈছে মাৰাত্মক হেৰইন। এই সন্দেহযুক্ত অবৈধ ড্ৰাগছ খিনিৰ ওজন ১২.৪১ বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ দলটোৱে হাতেলুটে আটক কৰিছে এই ড্ৰাগছ সৰহবৰাহকাৰীটোক। উল্লেখযোগ্য যে এটা চাবোনৰ বাকচৰ পৰা এই ড্ৰাগছ খিনি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।দুলীয়াজানৰ বি এচ মটৰচৰ ওচৰত অৱস্থিত বৰপথাৰৰ পৰা এই ড্ৰাগছ খিনিৰে সৈতে সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জালত পৰা ধৃত ২৩ বছৰীয়া যুৱকজন বৰপথাৰৰ নিবাসী বুলি জানিব পৰা গৈছে।