এদিনত একাপ চাহ খোৱাৰ পৰামৰ্শ পাকিস্তানৰ মন্ত্ৰী আহছান ইকবালৰ

0 152
  • চাহ কমকৈ খাব, এদিনত একাপ চাহ খাওক
  • এই পৰামৰ্শ পাকিস্তানৰ মন্ত্ৰী আহছান ইকবালৰ

পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা অধিক অৱনতি ঘটিছে। শ্ৰীলংকাৰ দৰে আৰ্থিক পৰিস্থিতি হৈছে পাকিস্তানত।পাকিস্তানত বৰ্তমান প্ৰতি লিটাৰত গাখীৰৰ দাম ১২৬ টকা হৈছে।

সাধাৰণ চাহপাতৰ দাম প্ৰতি কিলোগ্ৰামত ৯০০ টকা। চেনিৰ মূল্য প্ৰতি কেজিত ১০০ টকা হোৱাৰ লগতে দেশখনত প্ৰতি কাপ চাহৰ দাম ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত হৈছে।

সেয়েহে পাক মন্ত্ৰীগৰাকীয়ে পাক নাগৰিকক চাহ কমকৈ খাবলৈ পৰামৰ্শ দিছে। বিদ্যুতৰ যোগান নাই বাবে দোকান বজাৰ সন্ধিয়া ৮.৩০ বজালৈ বন্ধ ৰখাৰ নিৰ্দেশ পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰী আহছান ইকবালে।

media school
Leave A Reply

Your email address will not be published.