এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ

0 97

এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ।এই গোচৰ তৰিলে বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত গোচৰ ৰুজু। ২০১৫ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ সময়চোৱাত এন আৰ চিৰ ঠিকাভিত্তিক ডাটা এন্ট্ৰি অপাৰেটক সকলক মাহিলী ১৪,৫০০ টকাৰ পৰা ১৭,৫০০ টকা দিয়া দেখুৱাইছিল।

কিন্তু তেওলোকক দিয়া হৈছিল ৫৫০০ টকাৰ পৰা ৯১০০ টকা।এই কেলেংকাৰীৰ তথ্য মহাগাননিকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই তথ্যৰ ভিত্তিত প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ তৰে।উল্লেখযোগ্য যে কৰ্মচাৰীৰ পাৰিতোষিকৰ বাবে মোকোলাই দিয়া হৈছিল ১৫৫,৮৩ কোটি টকা।

media school
Leave A Reply

Your email address will not be published.