ৰাজ্যপালৰ উপস্থিতিত ২০ জুনত শপত ল’ব কাৰ্বি আংলঙৰ পৰৱৰ্তী CEM তুলিৰাম ৰংহাঙে
- তুলিৰাম ৰংহাঙেই হ’ব পৰৱৰ্তী কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
- ৰাজ্যপালৰ উপস্থিতিত ২০ জুনত ল’ব শপত
কেইবাটাও গুৰুত্বপূৰ্ণ দলীয় সিদ্ধান্ত গ্ৰহণেৰে অসম প্ৰদেশ বিজেপিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ বুধবাৰে সফল সামৰণি পৰে ৷ মূলত: দলটোক অধিক শক্তিশালী কৰিবলৈ সৰ্বস্তৰৰ জনতাৰ কাষত দলীয় নেতা কৰ্মী যোৱাৰ লগতে চৰকাৰী প্ৰতিখন জনমূখী আচঁনিৰ সফল ৰূপায়ন কৰি দলীয়ভাবে ইয়াক ৰাইজৰ মাজত নিয়াৰ বাবেও সিদ্ধান্তগ্ৰহণ কৰা হয় ৷ ইফালে দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ টাউন হলত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে ডিফুত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখনৰ পৰবৰ্তী মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেই হ’ব বুলি ঘোষণা কৰি লগতে ক্য যে, অহা ২০ জুনত ৰাজ্যপালৰ উপস্থিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখনৰ সকলো বিষয়-ববীয়াই শপত গ্ৰহণ কৰিব৷
বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অন্তিম দিনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত প্ৰায় এঘন্টা জোৰা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মই দলৰ নেতা-কৰ্মীসকলক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। বিশেষকৈ চৰকাৰৰ প্ৰতিখন জনকল্যানমূলক আঁচনিৰ সঠিকভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে দলৰ কৰ্মীসকলক আহ্বান জনায়। ভাৰত চৰকাৰৰ শেহতীয়া “অগ্নিবীৰ” আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত চাৰি বছৰৰ বাবে নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক পৰৱৰ্তী সময়ত অসম আৰক্ষীত মকৰলৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হʼব বুলি ঘোষণা কৰে। সেইবাবে গাঁৱৰ যুৱক-যুৱতীসকলক শাৰীৰিকভাৱে শক্তিশালী কৰি তোলাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দলৰ কৰ্মীসকলক আহ্বান জনায়। আনহাতে, নিকা নিযুক্তি ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ পাঁচলি ব্যৱসায়ী, ৰিক্সাচালক, ঠেলাচালকৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হʼলে বিজেপিৰ গৌৰৱে আকাশ চুব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মন্তব্য কৰি কয় যে, অসম চৰকাৰে অহা আগষ্টত দহ হাজাৰ আৰু নৱেম্বৰত ৪০ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হʼব বুলিও কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰে। জলজীৱন আঁচনিৰ অধীনত ʼজলমিত্ৰʼ পদৰ সৃষ্টি কৰি ৬৫০০ টকাৰ মাননিৰে অসমৰ ২৬,০০০ যুৱকক নিযুক্তি প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খিলঞ্জীয়া ভূমিহীনক ভূমিপট্টা প্ৰদান, বনভূমিৰ বাহিৰে চৰকাৰী ভূমিত চাহখেতি কৰাসকলক ভূমিৰ অধিকাৰ প্ৰদান, ঘাইপথৰ নামত ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ ধন পূৰ্বে বাগানৰ মালিকে লাভ কৰিছিল যদিও এতিয়াৰে পৰা ইয়াৰ এটা অংশ শ্ৰমিকেও লাভ কৰিব বুলি মুখ্যমন্ত্ৰগৰাকী এই সভাতে ঘোষণা কৰে । বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আগবঢ়া চৰকাৰখনে অহা চাৰি বছৰৰ ভিতৰত দুহাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ দিশে আগবঢ়া বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি লগতে কয় যে, সৌৰশক্তি আৰু পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰি অসমক ভাৰতৰ ভিতৰতে ʼগ্ৰীণ এনাৰ্জীʼ উৎপাদন কৰা অন্যতম দেশ হিচাপে গঢ়ি তোলা হʼব । লক্ষণীয় যে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপতো মুখ্যমন্ত্ৰী গৰাকীয়ে পাহাৰীয়া জিলাকেইখনত সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। আনহাতে, অহা ৩০ জুনৰ ভিতৰত হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ কৰ্মচাৰীসকলৰ বাবে ৫০০ কোটি টকা মোকলাই দিয়া হʼব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। নৱ নিৰ্বাচিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলক সততাৰে জনতাৰ সেৱা কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এসময়ত কংগ্ৰেছ দলেও ৰাইজৰ বিপুল সমৰ্থন লাভ কৰিছিল যদিও পৰিয়ালতন্ত্ৰবাদ আৰু দুৰ্নীতিৰ বাবে জনতাৰ কাষৰ পৰা আঁতৰি অহা কংগ্ৰেছে আজি এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।
বিজেপিৰো এনে নোহোৱাৰ কোনো কাৰণ নাই বুলি নৱ নিৰ্বাচিত পাৰিষদসকলক সতৰ্ক কৰি দি মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো নেতা-পালিনেতা তথা কৰ্মকৰ্তাক সততাৰে দায়িত্ব পালনৰ আহ্বান জনায়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা ভাষণত নৱ নিৰ্বাচিত পাৰিষদ তথা অসম মন্ত্ৰীসভাত স্থান লাভ কৰা দুই মন্ত্ৰীক অভিনন্দন জনাই মোডীৰ শাসনত বিশ্বৰ সকলো ৰাষ্ট্ৰই ভাৰতে কি কয় তালৈ চাই থাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । বিগত আঠটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত হোৱা বিভিন্ন উন্নয়নমূলক কাম কাজৰ সু-বিষ্টৃত ব্যাখ্যা দাঙি ধৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ বাবেই দেশৰ ৰপ্তানি বৃদ্ধি পোৱা বুলি দাবী কৰে। বিশ্বগুৰুৰ আসনত উপবিষ্ট হʼবলৈ আগবঢ়া ভাৰতক উন্নতিৰ শিখৰলৈ নিবলৈ হʼলে আৰু দুটা কাৰ্যকালৰ বাবে বিজেপি শাসনত থাকিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। এচাম সাম্প্ৰদায়িক শক্তিয়ে ইয়াক বাধা দিয়াৰ চেষ্টা কৰাৰ লগতে এচাম লোকে ভাৰতক দুৰ্বল কৰাৰ চেষ্টা কৰি থকা বুলি মন্তব্য কৰি ২০৩১ চনলৈকে জয়ৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দলৰ নেতা কৰ্মীসকলক আহ্বান জনায়৷