ৰাজ্যত জাৰি কৰা হৈছে নতুন SOP!

0 226

ৰাজ্যত জাৰি কৰা হৈছে নতুন SOP। ক’ভিডৰ বাবে নহয় এইবাৰ বানৰ বাবে জাৰি কৰা হৈছে এই Sop। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিলে এই নতুন SOP।

ৰাজ্যৰ বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। বানৰ এই ভয়াৱহ পৰিস্থিতিক লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে নতুন SOP। বান পৰিস্থিতি লগতে পৰৱৰ্তী বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এই বিশেষ  সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। ৰাজ্যৰ প্ৰায় ৮০ শতাংশ অঞ্চল বানৰ কবলত পৰিছে। তাৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত।

এই নতুন নিৰ্দেশনা সমূহ হৈছে-

  • প্ৰতিখন জিলাতেই মেডিকেল কন্ট্ৰলৰূম স্হাপনৰ নিৰ্দেশ প্ৰদান।ডাইৰেক্টৰেট অব হেল্থ চাৰ্ভিচৰ অফিচতো মেডিকেল কন্ট্ৰলৰূম স্হাপনৰ নিৰ্দেশ। এই সেৱা ২৪*7 উপলব্ধ থাকিব।
  • বানগ্ৰস্থ এলেকাসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে যিকোনো জেষ্ঠ্য বিষয়াই পৰিদৰ্শন কৰাৰ নিৰ্দেশ।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ আটাইবোৰ জইণ্ট ডাইৰেক্টৰে মেডিকেল সেৱাৰ বাবে নিয়োজন হৈ থকা কৰ্মীসকলৰ জিলা প্ৰশাসনৰ উপদেশ মৰ্মে তেওলোকৰ প্ৰাপ্য প্ৰৰ্দান কৰিব লাগিব।
  • ডাক্টৰ, নাৰ্চ আৰু ফাৰ্মাচীষ্ট সকলক অন্তৰ্ভুক্ত কৰিব এনেদৰে গঠন কৰা চিকিৎসা সকলো সাহায্য শিবিৰত স্থিৰ হ’ব লাগিব।
  • হেলথ চাৰ্ভিচৰ সকলোবোৰ জইণ্ট ডাৰেক্টৰ শিবিৰ সমূহত প্ৰয়োজনীয় আটাইবোৰ ঔষধ উপলতব্ধ ৰাখিবলৈ বদ্ধপৰিপক্ক।
  • বানাক্ৰান্ত অঞ্চলত সমূহত স্থাপন কৰা শিবিৰসমূহে এই সেৱা জৰুৰীকালীন সময়ত লগে লগে সেৱা আগবঢ়াবলৈ দৃঢ়ভাৱে সাজু থাকিব লাগিব। তাৰ বাবে হেলথ চাৰ্ভিচৰ সকলোবোৰ জইণ্ট ডাৰেক্টৰ দায়বদ্ধ হব।
  • এইখিনি সময়ত হেলথ চাৰ্ভিচৰ সকলোবোৰ জইণ্ট ডাৰেক্টৰ সকলে জিলাৰ আটাইবোৰ স্বাস্থ্য কেন্দ্ৰৰ সমূহত সুন্দৰভাবে সঠিক কাৰ্য কৰি যাব লাগিব।
  • ক’ভিডৰ কোনো লক্ষণ দেখা দিলে প্ৰয়োজন সাপেক্ষে কভিড টেষ্ট কৰাব লাগিব।
  • বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি বান্যাৰ্তসকলৰ মাজত বানৰ সময়ত লব লগা সতৰ্কতাৰ সৈতে অবগত কৰাব লাগিব।
Leave A Reply

Your email address will not be published.