শ্ৰীলংকাৰ আৰ্থিক জটিল পৰিস্থিতিৰ অৱসান হ’ব কেতিয়া?

0 227

শ্ৰীলংকাৰ অব্যাহত আৰ্থিক দুৰাৱস্থা। ইন্ধনৰ বাবে শাৰী পাতি থাকোতেই এতিয়ালৈকে মৃত্যু হৈছে ১০ জনৰ।বৃহস্পতিবাৰে ইন্ধনৰ বাবে ৫ দিন ধৰি শাৰী পাতি মৃত্যুক সাবতি ল’লে ৬৩ বছৰীয়া এজন ট্ৰাক চালকে।

পশ্চিমীয়া প্ৰদেশৰ অংগুৰুআট’তা আৰক্ষী থানাৰ অন্তৰ্গত এটা তেল ডিপোত এই মৰ্মান্তিক ঘটনা ঘটিছে।দ্বীপৰাষ্ট্ৰখনৰ ২২ নিযুত জনসাধাৰণে ভয়ানক অৰ্থনৈতিক সংকটত ককবকাই আছে।

উল্লেখযোগ্য যে বিদ্যালয়বোৰত ব্যৱহাৰ কৰা গাড়ী ২০ শতাংশলৈ হ্ৰাস কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.