কিয় ভাৰতৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰিলে জেলেনস্কিয়ে ?
- হঠাতেই ভাৰতৰ পৰা বৰ্খাস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত
- ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ আকষ্মিক সিদ্ধান্ত
- ভাৰতসহ মুঠ পাঁচখন ৰাষ্ট্ৰত পৰা ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰে জেলেনস্কিয়ে
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতসহ মুঠ পাঁচখন ৰাষ্ট্ৰত থকা কিয়েভৰ ৰাষ্ট্ৰদূতৰ লগতে আন কেইবাজনো শীৰ্ষ দূতক বৰ্খাস্ত কৰে। ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ অফিচিয়েল ৱেবছাইটত এই তথ্য ৰাজহুৱা কৰা হৈছে।
ভাৰতৰ লগতে জেলেনস্কিয়ে জাৰ্মানী, চেক গণৰাজ্য, নৰৱে আৰু হাংগেৰীত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।হঠাতে জেলেনস্কিয়ে কিয় এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই।বৰ্খাস্ত কৰা শীৰ্ষ বিষয়াসকলক নতুন পদবীত মকৰল কৰা হ’বনে নহয়, তাৰো স্পষ্ট নিৰ্দেশনা প্ৰকাশ কৰা নাই।
ইফালে যুদ্ধৰ আতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে শুকুৰবাৰে ইউক্ৰেইনৰ বাবে ৪০০ নিযুত ডলাৰৰ এক নতুন অস্ত্ৰ পেকেজ মুকলি কৰে।এই পেকেজ ইউক্ৰেইনৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল বুলি উল্লেখ কৰি জেলেনস্কিয়ে টুইটাৰ যোগে এই সামৰিক সাহায্যৰ বাবে বাইডেনক ধন্যবাদ জনায়।এতিয়াওহৰাছিয়াৰ সৈতে মহা পৰাক্ৰমে যুদ্ধত নামি পৰিছে ইউক্ৰেইন।অৱশ্যে ৰাছিয়াৰ আক্ৰমণত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে দেশখন।ৰাছিয়ান সৈন্যৰ হাতত হেৰুৱাইছে কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ।