আজি গুৰু পূৰ্ণিমা

0 291
  • গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

আধ্যাত্মিক বিজ্ঞানৰ ৰহস্য বুজিবলৈ আৰু জ্ঞানৰ চকু মুকলি কৰিবলৈ আমাক এজন গুৰুৰ প্ৰয়োজন। গুৰু অবিহনে আধ্যাত্মিকতাৰ ক্ষেত্ৰত এটাও পদক্ষেপ সফলতাৰে ল’ব নোৱাৰি।
দীক্ষা সম্বন্ধে গুৰু গীতাত লিখিছে–
যাৰ মূখত গুৰু মন্ত্ৰ থাকে তেওঁৰ সকলো কাম সিদ্ধি হয় আনৰ নহয়। দীক্ষাৰ বাবেই শিষ্যৰ সকলো কাৰ্য সিদ্ধি হয় ।গুৰু দীক্ষা এক দিব্য প্ৰক্ৰিয়া যাৰ দ্বাৰা গুৰুৱে অন্তৰৰ পৰা নিজৰ শিষ্যৰ হৃদয়ত জ্ঞানৰ সঞ্চাৰ কৰে । এই পৃথিৱীলৈ মানুহ অপূৰ্ণ ৰূপত আহে সেয়ে সদায় মানুহৰ মনৰ ভিতৰত পূৰ্ণতাৰ বাবে এক আশা থাকে । এই পূৰ্ণতা আনিবৰ বাবে গুৰুৱেই একমাত্ৰ মাধ্যম। সেয়ে প্ৰাচীন কালৰে পৰা গুৰু দীক্ষাৰ পৰম্পৰা চলি আহিছে।

শাস্ত্ৰত আছে– সকলো মানুহৰ দেহত আত্মশক্তিৰ ৰূপত পৰাশক্তি অৰ্থাৎ পৰম শক্তি আছে যি জন্মৰ পৰাই সাংসাৰিক আসক্তি, মোহ, মায়া আদিৰ বাবে নিষ্ক্ৰিয় হৈ থাকে। যেতিয়া গুৰুৰ দ্বাৰা দীক্ষা দি শক্তি সঞ্চাৰ কৰি সেই মায়াময় আৱৰণ ভঙা হয় তেতিয়া শিষ্যই অন্তৰ্নিহিত ঐশ্বৰিক শক্তি উপলব্ধি কৰে।

দীক্ষা শব্দটো অতি ৰহস্যময়, গোপনীয়, গূঢ় আৰু এটা অতি বিস্তৃত শব্দ। গুৰুৰ পৰা দীক্ষা পোৱা পাছত শিষ্যৰ দেহত দিব্য শক্তি সঞ্চাৰিত হবলৈ আৰম্ভ কৰে। দীক্ষা শব্দটো সংস্কৃতৰ দী আৰু ক্ষা এই দুটা আখৰ লগ হৈ হৈছে। দী আখৰটোৰ অৰ্থ হল দিয়া আৰু ক্ষা আখৰটোৱে ক্ষৰণ অৰ্থাৎ নষ্ট কৰা বুজায় । দীক্ষাৰ পৰা ব্ৰহ্ম জ্ঞান প্ৰাপ্তি হয় আৰু পাপৰ ক্ষয় অৰ্থাৎ নষ্ট হয়।পূজা পাতল জানে বুলি যিকোনো লোকেই গুৰু হৈ দীক্ষা দিব নোৱাৰে কিয়নো দীক্ষা দিবৰ বাবে গুৰুৰো বিশেষ শক্তি থাকিব লাগিব। দীক্ষা দিব পৰা হ’বৰ বাবে এজন লোকক লাগে সাধনা আৰু বিভিন্ন স্তৰৰ সিদ্ধি ।

দীক্ষাৰ প্ৰকাৰ :

  • শাম্ভৱী দীক্ষা
    কেৱল গুৰুৰ দৃষ্টিৰ দ্বাৰা, স্পৰ্শৰ দ্বাৰা আৰু কথোপকথনৰ দ্বাৰা যেতিয়া গুৰুৱে শিষ্যৰ অন্তৰ্নিহিত শক্তি জাগ্ৰত কৰে সেয়ে শাম্ভৱী দীক্ষা।
  • শক্তি দীক্ষা
    যোগৰ দ্বাৰা শিষ্যৰ শৰীৰত প্ৰৱেশ কৰি আৰু তেওঁৰ হৃদয়ত জ্ঞান জাগ্ৰত কৰি গুৰুসকলে দিয়া জ্ঞান দীক্ষাক শক্তি দীক্ষা বুলি কোৱা হয়।
  • মান্ত্ৰী দীক্ষা
    প্ৰথম যজ্ঞ আৰু হৱনৰ দ্বাৰা গুৰুৱে বাহিৰৰ পৰা শিষ্যৰ সংস্কাৰ (শুদ্ধি) কৰে। তাৰপিছত
    শক্তিপাতৰ দ্বাৰা শিষ্যই গুৰুৰ কৃপা লাভ কৰে। এই দীক্ষাক সৰ্বোচ্চ দীক্ষা বুলি ধৰা হয়।
media school
Leave A Reply

Your email address will not be published.