গোৱালপাৰা জিলাৰ খগেন্দ্ৰ কুমাৰ সৰকাৰলৈ এই বছৰৰ “সাহিত্যৰথী বঁটা -২০২২” প্ৰদান

0 387

অনুষ্ঠিত হৈ যায় অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব মিডিয়া পাব্লিক প্ৰেছৰ পঞ্চম বৰ্ষপূতি ৷
এই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোৱালপাৰা জিলাৰ খগেন্দ্ৰ কুমাৰ সৰকাৰলৈ পাব্লিক প্ৰেছৰ এই বছৰৰ “সাহিত্যৰথী বঁটা -২০২২”প্ৰদান কৰা হয় ৷
পাব্লিক প্ৰেছৰ হৈ এই বঁটা প্ৰদান কৰে পাব্লিক প্ৰেছৰ পৰিচালন সঞ্চালক অনিৰ্বাণ সেনে ৷
উল্লেখযোগ্য যে ইতিমধ্যে খগেন্দ্ৰ কুমাৰ সৰকাৰে অসমৰ সমাজ জগতখনৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ আছে ৷ অসমৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে খগেন্দ্ৰ কুমাৰ সৰকাৰক বিভিন্ন বঁটাৰে ইতিমধ্যে সন্মানিত কৰিছে ৷নিৰলস ভাৱে সমাজসেৱা আৰু সাহিত্যচৰ্চা কৰা সৰকাৰে বহুকেইখন গ্ৰন্থৰ ওপৰি কবিতা পুথি ৰচনা কৰিছে ৷ তাৰ ভিতৰত সোনালী দেশৰ চমু ভ্ৰমণ সাৰথি ,ধৰ্মতত্ত্ব ও বৈষ্ণৱ সমাজ,ৰাসক্ৰীড়া আৰু ইয়াৰ তাৎপৰ্য ,পোহৰ ,মিলন ,স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী ,ইংলিছ গ্ৰামাৰ এন্ড কমপোজিচন ইত্যাদি অন্যতম ৷

ইয়াৰ ভিতৰত স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী নামৰ ব্যৱহাৰিক পুথিখনৰ বাবে ইতিমধ্যে অসম চৰকাৰে সৰকাৰক স্বীকৃতি প্ৰদান কৰিছে ৷ এই সন্মান লাভ কৰাত তেওঁৰ জন্মভুমি লাউডোবাৰ লগতে সমগ্ৰ গোৱালপাৰা জিলাতো এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷

Leave A Reply

Your email address will not be published.