আপোনাৰ প্ৰিয় অভিনেতা গৰাকীৰ এই ৰূপে আপোনাকো কৰিব আচৰিত

0 13,260

প্ৰতিখন চিনেমাৰ বাবে বলিউডৰ হিৰোৱে নতুন নতুন অৱতাৰ ধাৰণ কৰা দেখা যায়। এনে অৱতাৰ সমূহত তেওঁলোকক চিনি পোৱাটোও দৰ্শকৰ বাবে কঠিন হৈ পৰে।

তেনে এক অচিনাকি ৰূপ ধাৰণ কৰিছে এইবাৰ বলিউডৰ আন এগৰাকী প্ৰিয় অভিনেতাই। অভিনেতা গৰাকীৰ এই ৰূপে এতিয়া খলখনিৰ সৃষ্টি কৰিছে প্ৰচাৰ মাধ্যমত।

সদায় দেখি থকা এই গৰাকী অভিনেতাক আপুনি চিনিব পাৰিছেনে? যদি নাই পৰা তেন্তে পঢ়ক সবিশেষ

দৰাচলতে এয়া নৱাজুদ্দিন ছিদ্দিকিৰ অন্য ৰূপ। পৰৱৰ্তী প্ৰজেক্টৰ ফটো নৱাজুদ্দিন ছিদ্দিকিয়ে নিজৰ টুইটাৰ প্ৰফাইলত শ্বেয়াৰ কৰিছে। আহিবলগা ‘হাড্ডি’ ছবিত তেওঁ অভিনয় কৰিছে এগৰাকী ট্ৰেন্স মহিলাৰ চৰিত্ৰত। তেওঁ উল্লেখ কৰিছে যে , “বাস্তৱ জীৱনৰ ট্ৰেন্স মহিলাৰ সৈতে কাম কৰাটো হাড্ডিত এক অবিশ্বাস্য অভিজ্ঞতা। তেওঁলোকৰ উপস্থিতিয়ে শক্তিশালী কৰি তুলিছিল।”

গেংছ অৱ ৱাছেইপুৰ ছিৰিজ আৰু ছিক্ৰেড গেমছ ৱেব-ছিৰিজৰ দৰে সমালোচকৰ প্ৰশংসিত তাৰকা নৱাজুদ্দিন ছিদ্দিকিৰ এই নতুন ৰূপে এতিয়া তেওঁৰ অনুৰাগী সকলক আকৰ্ষিত কৰিছে।

media school
Leave A Reply

Your email address will not be published.