স্বামীৰ মাজত কিয় পিতৃৰ গুণ বিচাৰিছিল সোনম কাপুৰে?
বলীউডৰ ফেশ্বনিষ্ট সোণম কাপুৰ এতিয়া ব্যস্ত হৈ পৰিছে ব্যক্তিগত জীৱনত। পুত্ৰ বায়ু কাপুৰ আহুজাৰ লগতে নিজৰ লগতে সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী।
ব্যস্ততাৰ মাজতো তেওঁ শ্বেয়াৰ কৰিছে নিজৰ জীৱনৰ কিছু অভিজ্ঞতা অনুৰাগীৰ সৈতে।বহু বছৰ পিছত অভিনেত্ৰীগৰাকীয়ে স্বামী আনন্দ আহুজাক বিয়া কৰোৱাৰ কাৰণ দাঙি ধৰিছে।
শেহতীয়াকৈ সোণমে এটা ইনষ্টা পেজৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছিল যিটো সকলো দেউতাকৰ বাবে উৎসৰ্গিত আছিল। ইয়াত প্ৰতিজন পিতৃক পত্নীৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল, কাৰণ তেওঁৰ ছোৱালীবোৰে তেওঁৰ এই কাৰ্য্য লক্ষ্য কৰে। তেওঁৰ কাহিনীত পিতৃ অনিল কাপুৰক টেগ কৰি সোণমে কয় যে তেওঁৰ বাবেই তেওঁ আৰু তেওঁৰ ভগ্নী ৰিয়া কাপুৰে নিজৰ জীৱনৰ উপযুক্ত জীৱন সংগী বাছি লৈছিল।
মাতৃৰ প্ৰতি পিতৃ অনিল কাপুৰৰ মৰম আৰু শ্ৰদ্ধা দেখিয়েই সোনমে পিতৃৰ দৰেই জীৱন সংগী বিচাৰিছিল।
লগতে সোনমে কৈছে যে মাক-দেউতাকে যেনেকৈ তাইক ডাঙৰ-দীঘল কৰিছে, ঠিক সেইদৰে তাই সন্তানকো ডাঙৰ-দীঘল কৰিব। তেওঁ কৈছিল যে ‘আমি ডাঙৰ হোৱাৰ পিছতো দেউতা আমাৰ সকলো জীৱনৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হৈ থাকে।’ আচলতে এটা নিৰ্দিষ্ট বয়সৰ পিছত তেওঁ মাতৃতকৈ আমাৰ জীৱনৰ লগত অধিক জড়িত হৈ পৰে। মোৰ মা-দেউতা মোৰ জীৱনৰ সকলো দিশতে অংশীদাৰ, গতিকে মোৰ সন্তানক সঠিক মূল্যবোধৰ সৈতে ডাঙৰ-দীঘল কৰাৰ এক সুদৃঢ় কাৰণৰ আঁৰত দেউতাই আছে।’