”২০২৪ ত পুনৰ দেশৰ প্ৰধান মন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী” – মন্ত্ৰী পীযুষ হাজৰীকা

0 804
আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি,গাভৰু মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বুথ স-শক্তিকৰণ সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা।সভাত বুথ পৰ্যায় তথা তৃণমূল পৰ্যায়ৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু বিস্তৃতভাৱে আলোচনা কৰে মন্ত্ৰী পিযুষ হাজৰীকাই। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতাৰ আগ্ৰহত দলৰ শক্তিশালী সংগঠন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে আজি এই বুথ কমিতিৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।সমষ্টিটোৰ বুথ সভাপতি সকলৰ সৈতে পৰ্যালোচনা সভাত বহে তেজপুৰ সমষ্টিত দলীয় স্থিতি শক্তিশালী কৰাৰ দায়িত্ব লাভ মন্ত্ৰী হাজৰীকাই।বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিজেপি দলে ৰাইজৰ স্বাৰ্থত কেনেকৈ কাম কৰি আছে এই বিষয়সমূহ জনগণৰ মাজলৈ কেনেকৈ লৈ যাব পৰা যায় সেই বিষয়ত আলোচনা কৰে মন্ত্ৰী পিযুষ হাজৰীকাই।
media school
Leave A Reply

Your email address will not be published.