চলিত বিত্তীয় বৰ্ষত মুঠ ২লাখ কোটি টকাৰ ব্যৱসায়ৰ পৰিমাণেৰে বন্ধন বেংকৰ সফলতাৰ ধাৰা অব্যাহত

0 146

চলিত বিত্তীয় বৰ্ষত বন্ধন বেংকৰ মুঠ ব্যৱসায়ৰ পৰিমাণ ২ লাখ কোটি টকা অতিক্ৰম।

বন্ধন বেংকে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰে। মাত্ৰ ৭ বছৰৰ ব্যৱসায়ৰ অন্তত বেংকটোয়ে মুঠ ২ লাখ কোটি টকাৰ ব্যৱসায়েৰে নিজৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ বিতৰণ আৰু অনুকূল পৰিচালনাৰ পৰিৱেশৰ বৃদ্ধিৰ দ্বাৰা চালিত হৈ বেংকটোৱে এই ত্ৰৈমাসিকত শক্তিশালী বিকাশৰ ধাৰা অব্যাহত ৰাখিছে ।


বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন) যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত ১৬% বৃদ্ধি হৈ ২০২২ চনৰ ৩১ ডিচেম্বৰত ২,০০,০৭০ কোটি টকা হয়গৈ। ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪ খনত ৬৬০০০ ৰৰো অধিক কৰ্মচাৰীৰ যোগেদি ৫৭২৩ টা বেংকিং আউটলেটৰ জৰিয়তে বেংকটোৱে ২.৮৬ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।
চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বেংকৰ জমা বহী যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত ২১% বৃদ্ধি পাইছে। এতিয়া মুঠ জমাৰ পৰিমাণ হৈছে ১,০২,২,৮৩ কোটি টকা। ঋণৰ ক্ষেত্ৰত বেংকটোৱে পূৰ্বৰ বছৰৰ একেটা ত্ৰৈমাসিকৰ তুলনাত ১১% বৃদ্ধি হৈ ৯৭,৭৮৭ কোটি টকা হৈছেগৈ ৷


এছএমই ঋণ, গ’ল্ড ঋণ, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ লগতে অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো বেংকটোৱে নিজৰ পোৰ্টফোলিঅ’ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
বন্ধন বেংকৰ সফলতাৰ ফলাফল সন্দৰ্ভত বন্ধন বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয় “বেংকৰ চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত যোৱা বিত্তীয় বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ব্যৱসায় যথেষ্ট ভাল হৈছে ৷
বিভিন্ন গ্ৰাহক শ্ৰেণীৰ সকলোধৰণৰ প্ৰয়োজনীয়তা পূৰ কৰিবৰ বাবে বেংকটোৱে প্ৰডাক্ট পোৰ্টফ’লিঅ বিস্তাৰৰ ধাৰা অব্যাহত ৰাখিছে ৷ বেংকে পৰিচালনাৰ পৰিৱেশ তথা বহুমুখীকৰণ কাৰ্যসূচী সঠিক পথত ৰাখি পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিৰ বাবে প্ৰস্তুত হৈছে ৷ আমি কোটি কোটি ভাৰতীয়ৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ সপোন পূৰণৰ বাবে তেওঁলোকৰ যাত্ৰাত অংশীদাৰ হৈ থাকিবলৈ আমি সদায় চেষ্টা অব্যাহত ৰাখিম ৷”

media school
Leave A Reply

Your email address will not be published.