ট্ৰান্সজেণ্ডাৰ সকলৰ আশ্ৰয়গৃহ “তৃতীয় নিৱাস” পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 148

‘তৃতীয় নিৱাস’ৰ নামত আবণ্টিত পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীস্থিত অসম চৰকাৰৰ অধীনৰ “তৃতীয় নিৱাস” শীৰ্ষক ট্ৰান্সজেণ্ডাৰসকলৰ এটি আশ্ৰয়গৃহ পৰিদৰ্শন কৰি নিৱাসটোত থকা সুবিধাসমূহৰ বুজ লয়। বিধায়ক জিতু গোস্বামী আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ সৈতে আশ্ৰয়গৃহটি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা বিভিন্ন সুবিধাসমূহৰ প্ৰত্যক্ষ বুজ লয়।আশ্ৰয়গৃহটিৰ পৰিচালনাৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে নিৱাসটোৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰাৰ লগতে মন্ত্ৰী হাজৰীকাই আৱাসীসকলৰ সৈতেও মত বিনিময় কৰে।পৰিদৰ্শনকালত আশ্ৰয়গৃহটিয়ে পাব লগা চৰকাৰী পুঁজি শীঘ্ৰে মুকলি কৰি দিব পৰাকৈ প্ৰয়োজনীয় বিভাগীয় পদক্ষেপ হাতত লবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ট্ৰান্সজেণ্ডাৰ ৱেলফেৱাৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী হাজৰীকাই এই “তৃতীয় নিৱাস”টি সোনকালে পৰিদৰ্শন কৰাৰ কথা ঘোষণা কৰিছিল।আনহাতে পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মন্ত্ৰীয়ে আজি ট্ৰান্সজেণ্ডাৰসকলৰ আশ্ৰয়গৃহ,“তৃতীয় নিৱাস” পৰিদৰ্শন কৰাত আৱাসীসকলে নিজৰ সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে সমাজত ট্ৰান্সজেণ্ডাৰসকলৰ অধিকাৰ সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

media school
Leave A Reply

Your email address will not be published.