“মৰাভৰলী নদীৰ পৰিৱেশ পৰ্যটনৰ সৌন্দৰ্য্য আৰু উন্নয়ন ” আঁচনিৰ শুভাৰম্ভ

0 196

বিগত বৰ্ষত তেজপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ উন্নয়নৰ অন্যান্য কামৰ লগতে মৰাভৰলী নদীৰ সৌন্দৰ্যবৰ্দ্ধন কৰাৰ বাবে ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছিল।মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে আজি তেজপুৰ জলসম্পদ সংমণ্ডলে প্ৰস্তুত কৰা “পৰুৱা চাৰিআলিৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমাধিলৈ ১৫ কোটি টকা ব্যয় সাপেক্ষে মৰাভৰলী নদীৰ পৰিৱেশ পৰ্যটনৰ সৌন্দৰ্য্য আৰু উন্নয়ন” আঁচনি খনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী পিযুষ হাজৰীকাই।আঁচনি খনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে “মই নিশ্চিত যে এই আঁচনিয়ে ঐতিহাসিক তেজপুৰ নগৰৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিব।”


এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা, বিধায়ক দিগন্ত কলিতা, বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ উপায়ুক্ত সহিতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়া সকল ।

media school
Leave A Reply

Your email address will not be published.