গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

1 241

সম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাৰ আৱাসীৰ বাবে থকা সুবিধা অসুবিধাসমূহৰ বুজ লয়।মন্ত্ৰীগৰাকীয়ে ক্ৰমে মহানগৰীৰ দিচপুৰৰ জীৱনদান ৱেলনেচ ফাউণ্ডেশ্যন, বেলতলাৰ ৰিডেম্পচন ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু খাৰঘুলিৰ ফেইথ ফাউণ্ডেশ্যনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে।ইয়াৰে ফেইথ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰটোত সৰু কোঠাতে জোখতকৈ বেছি আৱাসী থকা দেখা পাই মন্ত্ৰী হাজৰীকাই কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক ইয়াৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে।

কেন্দ্ৰটোত থকা অতিৰিক্ত আৰু বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৱাসীসকলক দুদিনৰ ভিতৰত চৰকাৰী ব্যৱস্থাত গঢ় লোৱা নিচামুক্তি কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈ মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনকালত সংগ দিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে।আনহাতে গোটেইকেইটা কেন্দ্ৰতে পৰিষ্কাৰ পৰিচন্নতা আৰু আৱাসীসকলৰ নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক নিৰ্দেশ দিয়ে ।

media school
1 Comment
  1. গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Leave A Reply

Your email address will not be published.