শেৱালি দেৱী শৰ্মাসহ ২ অভিযুক্ত ৫দিনৰ CM Vigilanceৰ জিম্মাত

0 138

বংশ-পৰিয়ালৰ সদস্যক লগত লৈ SCERTত শেৱালি দেৱী শৰ্মাই সংঘটিত কৰিছিল বিয়াগোম ১০৫ কোটি টকীয়া দুৰ্নীতি ৷ এই কোটি টকীয়া দুৰ্নীতিৰ অন্যতম মাষ্টাৰ মাইণ্ড IAS বিষয়া শেৱালি দেৱী শৰ্মা ৷ সোমবাৰে IAS বিষয়াগৰাকীক ৰাজস্থানত গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে গুৱাহাটীলৈ লৈ অহা হয়। লগত আছিল SCERTৰ অন্যতম ঠিকাদাৰ ৰুহুল আমিনসহ জোঁৱায়েক অজিত সিং৷বুধবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত তিনি অভিযুক্তক চলোৱা হয় জেৰা ৷ DLEDপাঠ্যক্ৰমৰ প্ৰশিক্ষণত তথা শিক্ষক, কাৰ্যালয় স্থাপনৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ কথা পিছে তদন্তকাৰী আৰক্ষীৰ জেৰাত এই পৰ্যন্ত স্বীকাৰ কৰা নাই দুৰ্নীতিৰ মাষ্টাৰ মাইণ্ডৰ নায়িকা শেৱালি দেৱী শৰ্মাই ৷


পূৰ্বে গ্ৰেপ্তাৰ কৰা কংগ্ৰেছৰ দিনৰ ঠিকাদাৰ, কাৰ্যালয় কৰ্মীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে শেৱালি দেৱী শৰ্মাৰ দুৰ্নীতিৰ দস্তাবেজ, যাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ বুধবাৰে ট্ৰেনজিত ৰিমাণ্ডৰ অন্তত পুনৰ বিশেষ আদালতৰ মজিয়াত হাজিৰ কৰোৱা হয় শেৱালি দেৱীসহ ঠিকাদাৰ আৰু জোঁৱায়েকক ৷ আদালতে তিনিও গৰাকী দুৰ্নীতিগ্ৰস্ত SCERT কেলেংকাৰিৰ নায়কক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷শেহতীয়াকৈ আৰক্ষীৰ তদন্তত Cm vigilanceয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ দহ জন অভিযুক্তক ৷শেৱালি দেৱী শৰ্মাসহ ২ অভিযুক্ত বৰ্তমান ৫দিনৰ বাবে CM Vigilanceৰ জিম্মাত ৷ জেৰাৰ সময়ত ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ৷

Leave A Reply

Your email address will not be published.