জাগীৰোডৰ বিজেপি দলৰ মণ্ডল কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

0 366

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাৰ্য্যালয় প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে মন্দিৰ সদৃশ।
আজি জাগীৰোড সমষ্টিৰ নেলীৰ কুমাৰবড়ীত নিৰ্মাণ কৰিব লগা জাগীৰোড মণ্ডল কাৰ্যালয়ৰ আধাৰশিল স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই কাৰ্য্যালয়ে দলীয় কৰ্মীসকলৰ দেশৰ তথা দলৰ প্ৰতি সেৱা আৰু আস্থা বৃদ্ধি কৰিব বুলি আশাবাদী মন্ত্ৰী গৰাকী । এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ সভাতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ কংগ্ৰেছ আৰু আন আন দলৰ ৩৫ গৰাকী সদস্যই আমাৰ দলত যোগদান কৰে। এই সভাতেই তেওঁলোকক দললৈ স্বাগতম জনায় মন্ত্ৰী গৰাকীয়ে।
আধাৰশিলা স্থাপন কাৰ্য্যসূচীত উপস্থিত থাকে বিজেপিৰ মৰিগাঁও জিলাৰ সভাপতি প্ৰবীন মেধি , মণ্ডল সভাপতি প্ৰবিন ডেকা তথা অন্যান্য কাৰ্যকৰ্তাসকল।

media school
Leave A Reply

Your email address will not be published.