মঙলদৈত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 332

মঙলদৈত নোৱা নদীৰ বানত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ; বিভাগক শীঘ্ৰে চিগা অংশৰ মেৰামতিৰ নিৰ্দেশ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ কমাৰপাৰা অঞ্চল ভ্ৰমণ কৰি অঞ্চলটোত শেহতীয়াকৈ নোৱা নদীৰ বাঢ়নী পানীয়ে চিঙা জিলা গ্ৰামীণ বিকাশ সংস্থা (DRDA) ই নিৰ্মাণ কৰা এটা মথাউৰিৰ বৰ্তমান পৰিস্থিতিৰ বুজ লয় । উল্লেখ্য যে দুদিন পূৰ্বে মথাউৰিটোৰ দুটা অংশত চিগি যোৱাৰ ফলত কাষৰীয়া অঞ্চল প্লাৱিত হৈ পৰিছিল । মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যেই মথাউৰিৰ চিগা অংশ মেৰামতিৰ বাবে জলসম্পদ বিভাগৰ অধীনত কাম চলাই থকা হৈছে । আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক এই মেৰামতি সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ লগতো মত বিনিময় কৰি বানত ক্ষতিগ্ৰস্তসকলৰ খবৰ লয় ।পাছত উপস্থিত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে নোৱা নদীৰ পাৰৰ ১৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ ইতিমধ্যেই ১২ কিল’মিটাৰ ওখ আৰু শক্তিশালী কৰা হৈছে, বাকী ৪ কিল’মিটাৰ অংশও শীঘ্ৰে ওখ আৰু শক্তিশালী কৰাৰ কাম সমাপ্ত কৰা হ’ব । আনহাতে এই মথাউৰিটোৰ প্ৰায় ৮ কিল’মিটাৰ অংশত ইতিমধ্যেই পকীকৰণৰ কামো সমাপ্ত হৈছে । আনহাতে স্থানীয় ৰাইজৰ অনুৰোধমৰ্মে কমাৰপাৰা অঞ্চলৰ পৰা মঙলদৈৰ নিৰ্মাণৰত বাইপাছ পৰ্যন্ত নোৱা নদীৰ প্ৰায় ৮০০ মিটাৰ অংশৰ মথাউৰিও জলসম্পদ বিভাগৰ অধীনত নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনকালতে ঘোষণা কৰে । বাৰিষাৰ সময়খিনিত জলসম্পদ বিভাগে সষ্টম হৈ থাকি কাম কৰি আছে বুলিও মন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলৰ আগত মন্তব্য প্ৰদান কৰে ।

জলসম্পদ মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শনৰ সময়ত সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলাৰ আয়ুক্ত আৰু জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত আছিল।

media school
Leave A Reply

Your email address will not be published.