নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 517

নলবাৰী জিলাৰ আল্লিয়া, বনগাঁও আৰু গোহাঁই কমলা আদি অঞ্চল সমূহৰ ৰাইজক পাগলাদিয়া নদীৰ বানে অধিক ক্ষতি সাধন কৰিছে। আজি সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াৰ সৈতে বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে পৰিস্থিতিৰ বুজ লয় আৰু বন্যাৰ্ত সকলৰ খবৰ লয় মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে ইয়াৰ সমীপৰ পাগলাদিয়া নদীৰ পাৰৰ মথাউৰিটোও পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে মথাউৰিটোৰ সুৰক্ষাৰ বাবে কৰিব লগা কাম সমূহ অতি সোনকালে কৰাৰ আৰু ঐতিহাসিক গোহাঁই কমল পথ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে।
‌‌ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত বন্যাৰ্ত সকলৰ আশ্ৰয়, খাদ্য, চিকিৎসা ব্যৱস্থা, খোৱা পানী আদিৰ সু ব্যৱস্থা ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰা হৈছে। সকলো ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে

media school
Leave A Reply

Your email address will not be published.