নগাঁও আৰু মৰিগাঁওত বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়া বিহুৱা বিহুৱতীক মানপত্ৰ প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 218

অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও আৰু মৰিগাঁও জিলাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এখন বাকৰিতে সৰ্ববৃহৎ বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়া শিল্পী সকললৈ সন্মান পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে নগাঁও জিলাৰ আৰক্ষী চাউনি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ পৰা বিগত এপ্ৰিল মাহত বিহুনৃত্যৰ বিশ্ব অভিলেখ সৃষ্টি কৰা অনুষ্ঠানত অংশ লোৱা ৭৭১ গৰাকী বিহুৱা-বিহুৱতীক আনুষ্ঠানিকভাৱে সন্মান পত্ৰ আৰু উদগণিমূলক মাননি প্ৰদান কৰে । পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ আৰক্ষী চাউনিৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত হৈ বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লোৱা জিলাখনৰ ২১০ গৰাকী বিহুৱা আৰু বিহুৱতীক সন্মান পত্ৰ আৰু উদগণিমূলক মাননি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগত বিগত এপ্ৰিল মাহৰ ১৩ তাৰিখে সৰুসজাই ষ্টেডিয়ামত আয়োজিত বিহু অনুষ্ঠানত ১১,৩৩৯ গৰাকী বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে একেখন বাকৰিতে আয়োজন কৰা সৰ্ববৃহৎ বিহু নাচে গিনিজ বুক অৱ ৰেকৰ্ডচত স্থান লাভ কৰিছিল । আনহাতে ১৪ এপ্ৰিলৰ এক বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এই বিশাল বিহু অনুষ্ঠান প্ৰদৰ্শিত হৈছিল । এই বিশ্ব অভিলেখ আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ পুৰস্কাৰ হিচাপে ৰাজ্য চৰকাৰে অনুষ্ঠানত অংশ লোৱা প্ৰত্যেকগৰাকী বিহুৱা-বিহুৱতীক ২৫,০০০ টকাৰ উদগণিমূলক মাননিৰ লগতে একোখন সন্মান পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অসমৰ প্ৰতিখন জিলাতে এই মাননি আৰু সন্মান পত্ৰ বিতৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে । আজি নগাঁও আৰু মৰিগাঁও জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী বিহুৱা বিহুৱতী আৰু প্ৰশিক্ষকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা তথা আন্তৰিক প্ৰয়াসৰ বাবেই অসমৰ বিহুৱে গীণিজ বুকৰ অভিলেখ সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত দুই বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা সৰু বৰ সিদ্ধান্তসমূহে ৰাজ্যখনৰ সমৃদ্ধ সংস্কৃতিক আগবঢ়াই নিবলৈ সক্ষম হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যখনৰ সকলো সভা জাতীয় সংগীতেৰে আৰম্ভ হোৱাৰ ফলত ৰাজ্যখনৰ নতুন প্ৰজন্মৰ মাজত জাতীয় সংগীতৰ প্ৰতি সন্মান আৰু প্ৰচলন বৃদ্ধি হোৱা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ।

আনহাতে অসমৰ সমৃদ্ধ ইতিহাসক সমগ্ৰ দেশবাসীৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উপস্থাপন কৰাৰ উদ্দেশ্যৰেই বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ উদ্যোগত নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰা হৈছিল বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত মহাবীৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ সংৰক্ষণ তথা স্মাৰক নিৰ্মাণ, আলাবৈ ৰণৰ স্মাৰক নিৰ্মাণ তথা গুৰু দুজনাৰ জন্মস্থান পৰ্যতনক্ষেত্ৰ হিচাপে উজ্জ্বলাই তুলিবলৈ কাম কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে জিলা দুখনৰ সকলো বিহুৱা বিহুৱতী আৰু প্ৰশিক্ষকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত অসমে দেশৰ অন্যতম উন্নত ৰাজ্যৰ পৰিচয় ল’বলৈ আগবাঢ়ি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই সকলোকে এই উন্নয়নৰ যাত্ৰাত সহযোগ কৰি আন্তৰিকতাৰে নিজৰ কামসমূহ কৰি যাবলৈ আহ্বান জনায় ।

Leave A Reply

Your email address will not be published.