নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 414

নলবাৰী জিলাৰ কমাৰকুছিত পাগলাদিয়া নদীৰ বাওঁকাষৰ মথাউৰিত নদীখনে খহনীয়াৰ সৃষ্টি কৰি আহিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে সেই স্থানত উপস্থিত হৈ পৰিদৰ্শন আৰু পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। জলসম্পদ বিভাগে ইতিমধ্যে প্ৰতিৰোধৰ কাম হাতত লৈছে। এই কাম সমূহ অনাগত ৪ দিনৰ ভিতৰত শেষ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। নদী খনৰ আনটো পাৰৰ বালি সমূহ কাটি আঁতৰাই নদী কাষৰীয়া অঞ্চলটোক ৰক্ষা কৰাৰ প্ৰচেষ্টাও ইতিমধ্যে জলসম্পদ বিভাগে আৰম্ভ কৰিছে।
পৰিদৰ্শনৰ সময়ত বিধায়ক দিগন্ত বৰ্মন , GMDA ৰ অধ্যক্ষ নাৰায়ন ডেকা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা আৰু জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে।

media school
Leave A Reply

Your email address will not be published.