গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰখা অন্যতম উৎস দীপৰ বিল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিল
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিভাগীয় মুখ্য অভিযন্তাক লগত লৈ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিবেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিল পৰিদৰ্শন কৰে ।
বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে চিন্তা কৰি আছে । এই ক্ষেত্ৰত জলসম্পদ বিভাগে কেনেধৰণৰ ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব পাৰে সেই বিষয়ে আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা বুজ লয় ।