শিৱসাগৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 220

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাৰ শেনচোৱা আৰু দিচাংমুখ অঞ্চল ভ্ৰমণ কৰি শেহতীয়াকৈ বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত পৰিৱেশৰ প্ৰত্যক্ষ বুজ লয় । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে শেনচোৱা মেটকাবন্ধা অঞ্চলত উপস্থিত হৈ শেহতীয়াকৈ দিখৌ নদীৰ বাঢ়নী পানী মথাউৰিৰ ওপৰেৰে বৈ যোৱা অংশৰ বুজ লয় আৰু এই মথাউৰিটো ওখ তথা সৱলীকৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।

পাছত মন্ত্ৰীগৰাকীয়ে বিধায়ক সুশান্ত বৰগোঁহাই আৰু অখিল গগৈক লগত লৈ দিচাংমুখ অঞ্চলৰ লিগিৰীবাৰীত উপস্থিত হৈ দিচাং নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ গড়াখহনীয়া সমস্যাৰ বুজ লয় । অঞ্চলটোত প্ৰায় ৬০০ মিটাৰ অংশত গড়াখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কাম হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । 

আজি শিৱসাগৰ ভ্ৰমণৰ সময়ত স্থানীয় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হাজৰীকাই কয় যে শিৱসাগৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ প্ৰায় ২২ কিল’মিটাৰ অংশত খহনীয়া ৰোধৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ আঁচনিৰ অধীনত প্ৰায় ২৭০ কোটি টকাৰ পুঁজি ধায্য কৰা হৈছে আৰু অহা বছৰ এই কাম আৰম্ভ কৰা হ’ব ।

media school
Leave A Reply

Your email address will not be published.